Avoid These Post Meal Activities : খোৱাৰ পাছত এইসমূহ ভুল কৰিছে নেকি ? সাৱধান নহ’লে বিপদত পৰিব পাৰে

selection of indian food

কোনবোৰ অভ্যাস শৰীৰৰ বাবে ক্ষতিকাৰক ?

১) খোৱাৰ পাছত পাকস্থলীৰ আশপাশে ৰক্ত সঞ্চালন বৃদ্ধি পায় । এই সময়ত শৰীৰৰ তাপমাত্রাও বেছি থাকে । সেয়ে খোৱাৰ পাছত লগে লগে স্নান কৰিলে হজমৰ সমস্যা হয় ।

২) বেছিকৈ খালে বুলি, হঠাৎ শৰীৰচর্চা কৰিলে হিতে বিপৰীত হ’ব । খোৱাৰ পাছত লাহে লাহে খোজকাঢ়িব পাৰে কিন্তু ভাৰি ব্যায়াম কৰাৰ পৰা বিৰত থাকিব লাগে ।

৩) দুপৰীয়াৰ টোপনি আপোনাৰ বাবে যিমানেই প্রিয় নহ‌ওক কিয়, এই অভ্যাসে আপোনাৰ জীৱনত বিপদ মাতি আনিব পাৰে ।

৪) খাদ্য খোৱাৰ পাছত সন্মুখৰ ফালে হাউলি কোনোদিন কাম নকৰিব । খাদ্য হজম নোহোৱা একাধিক কাৰণৰ ভিতৰত এইটোও অন্যতম ।

৫) কিছুলোকে কয়, খাদ্য খোৱাৰ পাছত গৰম পানীয় খালে খাদ্য সোনকালে হজম হয় । সেয়ে খোৱাৰ পাছত কেতিয়াও চাহ, কফি নাখাব । এই ধৰণৰ পানীয়ত ফেনলিক নামক যৌগ থাকে । যিয়ে খাদ্যৰ পৰা পুষ্টি শোষণ কৰাত বাধা দিয়ে ।

৬) অনেকেই কয় ভৰা পেটত ফল খোৱা উপকাৰী । কিন্তু যিসকলৰ পেটৰ সমস্যা আছে তেওঁলোকৰ বাবে এই অভ্যাস মুঠেই উপযোগী নহয় । বিশেষকৈ যিসকলৰ অম্বলৰ সমস্যা আছে, তেওঁলোকে পুৱাৰ আহাৰ খোৱাৰ পাছত ফল খাব পাৰে ।

৭) খোৱাৰ পাছত এগিলাচ পানী নাখালে তৃপ্তি পূৰণ নহয় ? অনেকৰেই আকৌ খাই থকাৰ‌ মাজতে পানী খোৱাৰ অভ্যাস । এই দুই অভ্যাসেই আপোনাৰ বাবে ক্ষতিকাৰক । পৰাপক্ষত খোৱাৰ এঘণ্টা পাছত পানী খাব ।

Exit mobile version