North Korea : দক্ষিণ কোৰিয়া, আমেৰিকাক প্ৰত্যাহ্বান ! পুনৰ ক্ষেপণাস্ত্র নিক্ষেপ উত্তৰ কোৰিয়াৰ

b1382udo north korea

ক্ষেপণাস্ত্রৰ বদলি ক্ষেপণাস্ত্র ! দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ ক্ষেপণাস্ত্র নিক্ষেপৰ ‘প্ৰতিশোধ’ ল’লে উত্তৰ কোৰিয়াই । বৃহস্পতিবাৰে পুনৰ দুটা বেলিষ্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰিলে পিয়ংইয়ঙে ।

দক্ষিণ কোৰিয়াৰ সেনাৰ তৰফৰ জনাইছে, বৃহস্পতিবাৰে পুৱা তেওঁলোকে দুটা কম ওজনৰ বেলিষ্টিক ক্ষেপণাস্ত্র চিনাক্ত কৰিছে । এই দুটা ক্ষেপণাস্ত্র উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ঙৰ ছামছোক অঞ্চলৰ পৰা নিক্ষেপ কৰা হৈছে । জাপান সাগৰলৈকে ক্ষেপণাস্ত্র দুটা নিক্ষেপ কৰা হয় বুলি জনাইছে ।

পাঁচ বছৰ পাছত যোৱা মঙলবাৰে প্রথমবাৰ জাপানৰ ভূখণ্ডৰ ওপৰেৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰে কিম জং উনৰ দেশে । যিটো গৈ প্রশান্ত মহাসাগৰত পৰে । যদিও ইয়াৰ ফলত কোনো আহত হোৱা নাই । ইয়াকে লৈ হুলস্থূল আৰম্ভ হয় আন্তর্জাতিক মহলত । এই ঘটনাক গৰিহণা দিছে জাপানৰ প্রধানমন্ত্রী ফুমিয়’ কিছিদাই । উত্তৰ কোৰিয়াৰ এই ধৰণৰ আচৰণক তেওঁ ‘আক্রমণাত্মক’ বুলি ব্যাখ্যা কৰিছে ।

ক্ষেপণাস্ত্র নিক্ষেপৰ ফলত উত্তৰ জাপানত ৰে’ল চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল । বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় । উত্তৰ কোৰিয়াৰ এই আচৰণক গৰিহণা থিছে দক্ষিণ কোৰিয়া, আমেৰিকায়ো । গৰিহণা কৰিছে ৰাষ্ট্রসংঘয়ো । কিন্তু ৰাষ্ট্ৰসংঘৰ গৰিহণাক যে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে ভ্ৰূক্ষেপ নকৰে, সেয়া আকৌ এবাৰ ক্ষেপণাস্ত্র নিক্ষেপ কৰি প্ৰমাণ কৰিলে বুলি ধাৰণা কৰা হৈছে ।

উত্তৰ কোৰিয়াক সতর্ক কৰিবদৈ বুধবাৰে উলোটাই ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । সংবাদ সং‌স্থা সূত্রে খবৰ, দুটাকৈ ‘আর্মি টেক্টিকেল মিছাইল ছিষ্টেম’ ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । শক্তি প্রদর্শন কৰিবলৈয়ে তেওঁলোকে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে বুলি জনাইছে দক্ষিণ কোৰিয়াৰ সেনাই । কিন্তু তাৰ পাছত আকৌ যিদৰে দুটা ক্ষেপণাস্ত্র নিক্ষেপ কৰিলে কিমৰ দেশে, তাৰ ফলত সেই অঞ্চলত উত্তেজনা আৰু বাঢ়িল বুলি অনুমান কৰা হৈছে ।

Exit mobile version