ASSAM YOUTH JOIN TO US POLICE : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৰক্ষী বিভাগত ভৰ্তি হ’ল অসম বৰাক উপত্যকাৰ বদৰপুৰৰ যুৱক কাৰ্জন চৌধুৰী । আমেৰিকাৰ আৰক্ষী বিভাগত বিভাগীয় পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে অসম বদৰপুৰৰ এই যুৱকজনে । ইতিমধ্যে যোগ্যতা অৰ্জন কৰি আমেৰিকাৰ আৰক্ষী বিভাগত যোগদান কৰিছে কাৰ্জনে ।
বৰ্তমান আমেৰিকাত বাস কৰি থকা কাৰ্জনে শেহতীয়াকৈ বিশ্বৰ শক্তিশালী দেশখনৰ আৰক্ষী বিভাগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যোৱা পাঁচ অক্টোবৰত আনুষ্ঠানিকভাৱে কৰ্মক্ষেত্ৰত যোগদান কৰে । যুক্তৰাষ্ট্ৰৰ আৰক্ষী বিভাগত যোগদান কৰা প্ৰথমজন অসমীয়া হিচাপে গৌৰাৱাম্বিত কৰা কাৰ্জনৰ এই সফলতাই সমগ্ৰ বৰাকবাসীৰ মাজত আনন্দৰ জোৱাৰ তুলিছে ।