DRUGS WORTH RS.120 CR. SEIZED IN MUMBAI : মুম্বাই নাৰ্কোটিক নিয়ন্ত্ৰণ ব্যুৰোৰ অভিযানত জব্দ ১২০ কোটি টকাৰ ড্ৰাগছ

WhatsApp Image 2022 10 07 at 15.20.54

DRUGS WORTH RS.120 CR. SEIZED IN MUMBAI : ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ দেশত ব্যাপক অভিযান অব্যাহত থকাৰ মাজতে মুম্বাইৰ নাৰ্কোটিক নিয়ন্ত্ৰণ ব্যুৰো চমুকৈ এন চি বি-এ শেহতীয়াকৈ মুম্বাই আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলত মাৰাথন অভিযানত জব্দ কৰে ৫০ কিলোগ্ৰাম এম ডি ড্ৰাগছ ৷

এন চি বিৰ অভিযানকাৰী দলে মুম্বাইৰ পৰা ৫০ কিলোগ্ৰাম আৰু গুজৰাটৰ জামনগৰৰ পৰা জব্দ কৰে ১০ কিলোগ্ৰাম ড্ৰাগছ ৷ এন চি বিৰ উপ- সঞ্চালক এছ কে সিঙে সদৰি কৰা মতে দুয়োখন চহৰৰ পৰা জব্দকৃত ড্ৰাগছৰ সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগত আটক কৰা হয় ছয়জন লোকক ৷

 

ধৃত ড্ৰাগছ পেডলাৰ কেইজন মুম্বাই আৰু গুজৰাটৰ জামনগৰৰ পৰা জব্দ কৰা ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত থকাৰ সম্ভেদ পাইছিল এন চি বি-এ ৷ উল্লেখ্য যে ধৃত লোককেইজনৰ এজন প্ৰাক্তন এয়াৰ ইণ্ডিয়াৰ পাইলট বুলি নিশ্চিত কৰিছে এন চিবি-এ ৷ জব্দকৃত ড্ৰাগছ খিনিৰ আন্ত:ৰাষ্ট্ৰীয় মূল্য ১২০ কোটি টকা হ’ব অনুমান কৰা হৈছে ৷

Exit mobile version