DRUGS DESTROYED IN MORIGAON : মৰিগাঁৱত দাহ কৰিলে ২ কোটি টকাৰ ড্ৰাগছ

WhatsApp Image 2022 10 08 at 14.17.32 1

DRUGS DESTROYED IN MORIGAON : ৰাজ্য চৰকাৰৰ নিৰ্দেশ সাপেক্ষে সমগ্ৰ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে আজি মৰিগাঁৱত দুই কোটি টকাৰ ড্ৰাগছ দাহ কৰে । অভিযানৰ সময়ছোৱাত জিলা খনৰ ভিন্ন স্থানৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি জব্দ কৰা হৈছিল ।

আদালতৰ অনুমতি সাপেক্ষে জব্দ কৰা এই ড্ৰাগছ খিনি মৰিগাঁও আৰক্ষীৰ উপস্থিতিত এটা ইটা ভাটাত এই ড্ৰাগছ খিনি দাহ কৰা হয় । জানিব পৰা মতে, এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিত হেৰ’ইন, গাঞ্জা, নিচা জাতীয় টেবলেট আৰু কফ চিৰাপ আছিল । উল্লেখযোগ্য যে, সমগ্ৰ পৰিবেশটো প্ৰদূষিত নহ’বৰ বাবেই জন সমাবেশৰ পৰা দূৰৈত অৱস্থিত ইটা ভাটাত জব্দকৃত ড্ৰাগছখিনি দাহ কৰা হয় ।

Exit mobile version