HIBISCUS FLOWER : আমাৰ সকলোৱেই নতুনকৈ ঘৰ সাজিলে বাৰীত না-না ধৰণৰ গছ ৰোপণ কৰে । কিন্তু বাস্তুশাস্ত্ৰ বিশেষজ্ঞাই এই ক্ষেত্ৰত নিয়ম অনুসৰি বৃক্ষ ৰোপণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ।
সঠিক স্থানত বৃক্ষ ৰোপণ কৰিলে আমাৰ জীৱনৰ শাৰীৰিক ,মানসিক আৰু অৰ্থনৈতিক দিশত এক আমূল পৰিবৰ্তন আহিব । অৱশ্যে , অপ্ৰয়োজনীয় বা অলাগতিয়াল গছে আমাৰ জীৱন একেবাৰে ক্ষতিগ্ৰস্ত কৰি তুলিব ।
আমাৰ বহুতেই এই ধৰণৰ কথাবোৰ কু-সংস্কাৰ বুলি কয় যদিও আমি হয়তো নাজানো যে , কোনো এজোপা গছে যেনেকৈ আমাৰ জীৱন সুন্দৰ কৰি তুলিব পাৰে, বিপৰীতে অন্য এজোপা গছে আকৌ জীৱনটোক বেয়াৰ ফাললৈ লৈ যাবও পাৰে ।
সেইবাবেই বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি গছ ৰুলে কোনো কোনো বিপদৰ পৰা হাত সাৰি থাকিব পৰা যায় । বাস্তু বিশেষজ্ঞাৰ মতে , আপুনি যদি বাৰীত বা ঘৰৰ ছাদত জবা ফুলৰ গছ লগাইছে , তেন্তে ই আপোনাৰ জীৱন একেবাৰে সলনি কৰি পেলাব ।
বিশেষকৈ ৰঙা জবা শ্ৰী ৰাম চন্দ্ৰৰ প্ৰিয় শিষ্য হনুমানৰ প্ৰিয় ফুল । গতিকে প্ৰতি শনি বাৰ আৰু মঙলবাৰে হনুমানৰ চৰণত এপাহ ৰঙা জবা ৰাখিলে ই আমাৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলাব লগতে আপুনি যদি দীৰ্ঘদিন ধৰি অৰ্থনৈতিক সমস্যাত ভুগি আছে তেন্তে আপুনি এপাহ ৰঙা জবা মা কালীৰ পূজাত আগবঢ়ালে আপোনাৰ সকলো অৰ্থনৈতিক সমস্যা দূৰ হ’ব ।
এই নিয়ম সমূহ মানি চলিবলৈকে আমি আমাৰ বাৰীত এজোপা ৰঙা জবা ফুল ৰোপণ কৰিব লাগে । অৱশ্যে বাস্তুৰ মতে ইয়াৰ বাবেও উপযুক্ত স্থান নিৰ্বাচন কৰিব লাগে । অৰ্থাৎ কোনো লেতেৰা অথবা অপৰিষ্কাৰ স্থানত এই ধৰণৰ গছ ৰোপণ কৰিব নালাগে । যিহেতু জবা ফুলৰ গছ , তুলসী গছ ,এল্যোভেৰা গছ , মনিপ্লাণ্ট আদি এই বিশেষ গছ সমূহ ৰূপ চৰ্চাৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী । তেনেক্ষেত্ৰত সঠিক স্থানত ৰোপণ কৰিলে ইয়াৰ ব্যৱহাৰিক গুন অটুত থাকে ।
বি : দ্ৰ: এই প্ৰতিবেদন বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞৰ মতামতৰ ওপৰত ভিত্তি কৰি লিখা হৈছে । ইয়াৰ বৈজ্ঞানিক যুক্তি যুক্ততা বিচাৰ কৰাটো একান্ত নিজৰ কথা ।