MISING AUTONOMOUS COUNCIL FOOTBALL TRAINING CAMP : মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সোত্তৰ অনুৰ্ধ্ব ফুটবল আৱাসিক প্ৰশিক্ষণ আৰম্ভ# সাঁতুৰ-বক্সিঙৰ বাবেও যাবতীয় কাম প্ৰস্তুতি এম এ চিৰ

WhatsApp Image 2022 10 08 at 21.05.41

MISING AUTONOMOUS COUNCIL FOOTBALL TRAINING CAMP : মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৭ অক্টোবৰ পৰা ১৭ বছৰ অনুৰ্ধ্ব ফুটবল আৱাসিক প্ৰশিক্ষণ শিবিৰ আৰম্ভ ৷ প্ৰশিক্ষণ শিবিৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ টা   সমষ্টিৰ খেলুৱৈয়ে অংশগ্ৰহণ । উক্ত প্ৰশিক্ষণ শিবিৰৰ পৰা ১২০ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰি পৰিষদে অনুষ্ঠিত কৰিব এম এ চি ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতা। এইক্ষেত্ৰত কালি ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পৰ ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েংগীয়াই আৱাসিক প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

এই সন্দৰ্ভত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে জানিবলৈ দিয়া মতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্ৰীড়া প্ৰাধিকৰণৰ অধীনত পৰিষদৰ ৩৬ টা সমষ্টিৰ বচা বচা খেলুৱৈ আৰু ধেমাজি জিলাৰ উদীয়মান খেলুৱৈক ক্ৰীড়াৰ বাবে অনুপ্ৰেৰণা যোগোব তেওঁলোকে । লগতে ক্ৰীড়া ক্ষেত্ৰৰ যোগেদি নৱপ্ৰজন্মৰ মাজত হোৱা যুৱ উশৃংখলা দূৰ কৰি সমাজত সুস্থ বাতাবৰণ ৰচনা কৰাই একমাত্ৰ লক্ষ্য বুলি কয়। লগতে এম এ চিয়ে কেৱল ফুটবলে নহয়, ভাৰতৰ ক্ৰীড়া জগতৰ লগত ফেৰ মিলাব পৰাকৈ নৱপ্ৰজন্মৰ খেলুৱৈক প্ৰস্তুত কৰি তুলিবলৈ পৰিকল্পনাৰ কথা উল্লেখ কৰে ।

ইয়াৰ সাতোঁৰ প্ৰশিক্ষণ আৰু বক্সিং প্ৰশিক্ষণৰ বাবে ইতিমধ্যে এম এ চিৰে বহুখিনি যাবতীয় কাম আগবঢ়াই নিয়া বুলি জানিবলৈ দিয়ে। উক্ত প্ৰশিক্ষণ শিবিৰৰ পৰিষদৰ সচিব প্ৰফুল্ল দেউৰীৰ প্ৰমূখ্যে কেইবা গৰাকী কাৰ্যবাহী সদস্য, সাধাৰণ সদ্স্য, বিষয়া, কৰ্মচাৰী আৰু ক্ৰীড়া প্ৰেমীয়ে অংশগ্ৰহণ কৰে । এমহীয়া প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক ৰূপে থাকিব ক্ৰমে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ ক্ৰমে যজ্ঞেশ্বৰ বসুমতাৰী, য়ুমনাম ৰতন সিং, টেজোদ্দিন আলিয়ে ।

Exit mobile version