Deepika Padukone : মানসিক স্বাস্থ্যৰ বিষয়ে কি ক’লে দীপিকা পাডুক’নে ?

WhatsApp Image 2022 10 09 at 15.42.49

Deepika Padukone : জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুক’ন, যিয়ে মানসিক স্বাস্থ্য সচেতনতাৰ বাবে অহৰহ কাম কৰি আহিছে আৰু তেওঁ নিজে এসময়ত বিষণ্ণতাত ভুগিছিল আৰু তাৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হৈছিল । ১০ অক্টোবৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ পূৰ্বে আজি তেওঁৰ মানসিক স্বাস্থ্য ফাউণ্ডেছন তামিলনাডুৰ থিৰুভল্লুৰত লাইভ লাভ লাফে গ্রামীণ সম্প্রদায়ৰ মানসিক স্বাস্থ্য কাৰ্যসূচীৰ প্রসাৰ ঘটাইছে । ভ্ৰমণৰ সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে মানসিক ৰোগৰ যতন লোৱাৰ গুৰুত্ব সম্পর্কে জনায় । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, তেওঁৰ মাতৃয়ে যদি তেওঁৰ লক্ষণবোৰ চিনাক্ত নকৰিলে হয়, তেন্তে তেওঁ নাজানে আজি কি অৱস্থায় থাকিল হয় ।

মানসিক স্বাস্থ্যত পৰিয়ালৰ ভূমিকা সম্পৰ্কে সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত দীপিকাই কয়, “এইটো অতি গুৰুত্বপূর্ণ । এনেকি মোৰ ব্যক্তিগত যাত্রাত, পৰিচর্যাকাৰীৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ আছিল, সেয়ে মোৰ মা ইয়াত আছে, মোৰ ভগ্নী বহু বছৰ ধৰি এই কামৰ অংশীদাৰ আছিল আৰু সেই কাৰণে যেতিয়া আমি পৰিচর্যাকাৰীসকলৰ কথা শুনো, তেতিয়া বুজি পালো যে মানসিক ৰোগত ভুগি থকা এজন ব্যক্তিৰ মানসিক সুস্থতাৰ লগতে পৰিচৰ্যাকাৰীৰ মানসিক সুস্থতাও সমানে গুৰুত্বপূর্ণ ।”

তেওঁ লগতে কয়, “উদাহৰণস্বৰূপ, মোৰ নিজৰ ক্ষেত্রত, মোৰ মা আৰু পৰিচৰ্যাকাৰীয়ে যদি মোৰ লক্ষণবোৰ চিনাক্ত নকৰিলেহেঁতেন, মোৰ দুর্বলতাৰ সময়ত, তেওঁৰ যদি পেশাগতৰ লগত মোক কথা পতাত বা মোক সহায় কৰাৰ দৰে মানসিক উপস্থিতি নাথাকিলে হয়, ম‌ই আজি কি অৱস্থাত থাকিলো হয় নাজানো । নিশ্চয়, ম‌ই মোৰ চিকিৎসাত নিয়মিত আছিলো, চিকিৎসকসকলৰ স’তে মোৰ পৰামর্শক লৈ আৰু অৱশ্যেই এইটো পৰিচৰ্যাকাৰীসকলৰ বাবেও বোজা হৈ পৰে আৰু এইটো নতুন নহয় । ম‌ই ভাবো, মানসিক ৰোগেই হ‌ওক বা অন্য যিকোনো ধৰণৰ ৰোগেই হ‌ওক পৰিচর্যাকাৰীসকলৰ ওপৰত ইয়াৰ প্রভাৱ পৰে ।”

২০১৫ত দীপিকা পাডুক’নে জনায় যে এবছৰ পূৰ্বে তেওঁ মানসিক বিষণ্ণতাৰ বিৰুদ্ধে যুঁজ দিছিল আৰু আনৰ সহায় বিচাৰিছিল । তেওঁৰ ফাউণ্ডেছন, লাইভ লাভ লাফৰ লক্ষ্য, মানসিক স্বাস্থ্যৰ স’তে যুঁজি থকা ব্যক্তিসকলক সহায় কৰা ।

Exit mobile version