এক্সেৰচাইজ পিল খাওক আৰু শৰীৰচৰ্চা কেন্দ্ৰলৈ যোৱা বাদ দিয়ক : এই দাবী আমাৰ নহয়, এই দাবী আমেৰিকাৰ বিজ্ঞানীৰ

জানিবলৈ পঢ়ক ---

Screenshot 435

বৰ্তমান সময়ত ওজন বঢ়াতো মানুহৰ এটা ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে । ওজন বঢ়া মানেই না-না ৰোগক আমন্ত্ৰণ জনোৱা । অৱশ্যে নিয়ম মানি শৰীৰচৰ্চা কৰিলে ওজন কমাৰ লগতে ৰোগৰ পৰিমাণো হ্ৰাস পায় । তথাপি আজিকালি সময়ৰ অভাৱত মানুহে দৈনিক শৰীৰচৰ্চা কৰাটোও সম্ভৱ নহয় ।

ওজন বৃদ্ধিৰ সন্দৰ্ভত আমেৰিকাত কৰা এক গণনাত দেখা গৈছে যে, ১০ জন মানুহৰ মাজত আটাইকেইজনেই ‘ওৱেচিটি’ ( স্থুলতাজনিত সমস্যা ) ত ভোগি আছে । প্ৰতিবছৰে এই ৰোগৰ চিকিৎসাত মানুহৰ ১৭৩ বিলিয়ন ডলাৰ ( ভাৰতীয় মুদ্ৰা অনুযায়ী , এক হাজাৰ ৪৩৩ কোটি ২২ হাজাৰ ৫০০ টকা ) খৰচ হয় ।

ব্ৰিটেইনৰ এই সমীক্ষাত দেখা গৈছে যে, চাৰিজন প্ৰাপ্তবয়স্ক মাজত এজন হ’লেও এই ৰোগত ভোগি আছে । ব্ৰিটেইনত প্ৰতিবছৰে ৬.৫ বিলিয়ন ইউৰো ( ভাৰতীয় মুদ্ৰা অনুযায়ী , ৫২ হাজাৰ ৪৬৮ কোটি ১৭ লাখ ৬৩ হাজাৰ ১২৫ টকা ) খৰচ হয় । কেৱল আমেৰিকা বা ব্ৰিটেইনতেই নহয়, সমগ্ৰ বিশ্বতে স্থুলতাজনিত ৰোগ দিনক-দিনে বৃদ্ধি পাইছে ।

এইক্ষেত্ৰত ম্যাচাচুষ্টেছ ইন্সিটিউত অৱ টেকন’লজিৰ বিজ্ঞানী ম্যানোলিছ কেলিছে কয় যে , মানৱদেহৰ কোষৰ মাজত উপস্থিত থকা অণু-পৰমাণু স্তৰৰ প্ৰক্ৰিয়া অনবৰতে চলি থাকে আৰু তাৰ সম্পৰ্কে ধাৰণা থকাটো দৰকাৰ । চৰ্বিজাতীয় আহাৰ খোৱাৰ সময়ত আৰু শৰীৰচৰ্চা কৰা সময়ত মানৱদেহত কি কি পৰিৱৰ্তন হয় , তাৰপ্ৰতিও লক্ষ্য কৰা প্ৰয়োজন আছে বুলি উল্লেখ কৰে ম্যানোলিছে ।

চান ডিয়েগোৰ চক ইন্সিটিউট ফৰ বায়’লজিকেল ষ্টাডিজৰ এদল বিজ্ঞানীয়ে ২০০৮ চনত এটা ঔষধৰ ওপৰত পৰীক্ষা- নিৰীক্ষা কৰা আৰম্ভ কৰিছিল । এই ঔষধত কমপাউণ্ড ৫১৬ নামৰ এটা পদাৰ্থ থাকে , যিটো খালে মানুহৰ শৰীৰত অহা পৰিৱৰ্তনটো লক্ষ্য কৰি, শৰীৰচৰ্চা কৰিলেও সেই একেই পৰিৱৰ্তন অহা দেখা পোৱা যায় । তেনেক্ষেত্ৰত শৰীৰচৰ্চাৰ পৰিপূৰক ৰূপে এই টেবলেটকে ‘এক্সেৰচাইজ পিল ‘ বুলি কোৱা হয় ।

গৱেষণাৰ অন্তত বিজ্ঞানীসকলে লক্ষ্য কৰিছিল যে , মানুহৰ শৰীৰত মেচেনকাইমা কলাত এক ধৰণৰ ষ্টেম কোষ থাকে , যাৰ মাজত চৰ্বি জমা হৈ থাকে । শৰীৰচৰ্চা কৰিলে এই কোষত এনে পৰিৱৰ্তন হোৱা দেখা যায় যে , এই ষ্টেম কোষত লাহে-লাহে চৰ্বি জমা হোৱাৰ ক্ষমতা কমি আহে ।

প্ৰথম অৱস্থাত বিজ্ঞানীসকলে এই পৰীক্ষা এন্দুৰৰ ওপৰত কৰি পাইছিল যে , তেওঁলোকে কেইবাটাও এন্দুৰক কিছুদিন চৰ্বিজাতীয় খাদ্য খাৱলৈ দিয়া হয় । পিছত এই এন্দুৰ কেইটাক দুটা ভাগত ভাগ কৰি এদল এন্দুৰক ট্ৰেডমিলত দৌৰিবলৈ দি বাকী এন্দুৰ কেইটাক নিজৰ মতে চৰিবলৈ এৰি দিয়া হয় ।

ইয়াৰপিছতে এই দুই দলৰ এন্দুৰৰ মাজত পাৰ্থক্য তুলনা কৰি পায় যে, যিকেইটা এন্দুৰ ট্ৰেডমিলত দৌৰিছিল ,সেই এন্দুৰ কেইটাৰ শৰীৰত ষ্টেম কোষত পৰিৱৰ্তন আহিছিল আৰু আনটো দলৰ এন্দুৰৰ শৰীৰত চৰ্বি জমা হৈছিল ।

বিজ্ঞানীসকলে দাবী কৰে যে, শৰীৰচৰ্চাৰ পৰিপূৰক এই ঔষধ প্ৰয়োগে ষ্টেম কোষত জমা হোৱা চৰ্বিৰ পৰিমাণ কমাই দিয়ে । প্ৰাথমিক স্তৰত কৰা পৰীক্ষা সফল হোৱাৰ পিছত বিজ্ঞানীসকলে মানৱদেহত এই ঔষধৰ প্ৰভাৱ কেনেধৰণৰ হ’ব , সেইয়া জানিবলৈ মানুহৰ ৰক্তকোষৰ ওপৰত পৰীক্ষা কৰি এই সিদ্ধান্তত উপণীত হয় যে, এই ঔষধ যদি মানৱদেহত সফলভাৱে প্ৰয়োগ কৰা হয় , তেন্তে চিকিৎসাবিজ্ঞানত আমূল পৰিৱৰ্তন আহিব । তেনেক্ষেত্ৰত যিসকল লোকে সময়ৰ অভাৱৰ বাবে শৰীৰচৰ্চা কৰিব পৰা নাই , সেইসকলৰ বাবে এই ঔষধ খুবেই উপকাৰী বুলি বিবেচিত হৈছে ।

Exit mobile version