WEATHR FORECAST : অসমত প্ৰৱল বৃষ্টিপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ

উত্তৰ-পূৰ্বৰ তিনিৰাজ্যতো হ'ব ধাৰাসাৰ বৰষুণ

WhatsApp Image 2022 10 11 at 14.53.10 1

WEATHR FORECAST : ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে গুৱাহাটী বৰঝাৰ স্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ মুষলধাৰ বৰষুনৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী ৷ একেদৰে অসমৰ লগতে চুবুৰীয়া মেঘালয় আৰু অৰুণাচল প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে  ৷

উল্লেখ্য যে মঙলবাৰে পুৱতি নিশা অহা মুষলধাৰ বৰষুনৰ ফলত মহানগৰৰ বহু অঞ্চল হৈ পৰে জলমগ্ন ৷ যাৰবাবে পুৱাতে বিদ্যালয় আৰু কাৰ্যালয়লৈ যাবলগীয়া লোক সকল সন্মুখীন হয় বহু অসুবিধাৰ ৷

Exit mobile version