Kokrajhar DTO Arrest : কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ, বাসগৃহৰ পৰা জব্দ ৩৬ লাখ টকা

বাসগৃহৰ পৰা জব্দ ৩৬ লাখ টকা

WhatsApp Image 2022 10 13 at 13.17.03

Kokrajhar DTO Arrest : কোকৰাঝাৰৰ আৰক্ষীয়ে যোৱা নিশা মহানগৰীৰ কাহিলীপাৰাস্থ নিজ বাসগৃহৰ পৰা কোকোৰাঝাৰৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন বিষয়াজনৰ বাসগৃহৰ পৰা জব্দ কৰে নগদ ৩৬ লাখ টকা ৷ দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধজনিত কৰ্মত লিপ্ত হৈ থকাৰ লগতে ধন সংগ্ৰহৰ অভিযোগ উদ্থাপিত হৈছিল বিষয়াগৰাকীৰ বিৰুদ্ধে।

উল্লেখ্য যে অসম–বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত দীৰ্ঘদিনৰ পৰা সংগোপনে এক ছেণ্ডিকেট চক্ৰ এটাৰ স’তে মিলিত থকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ একেদৰে নানান অপৰাধী জনিত কাৰ্যকলাপত লিপ্ত থকাৰ উপৰিও অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগৰ ভিত্তিত কোকৰাঝাৰৰ আৰক্ষীয়ে বুধবাৰে ডিটিঅ জনৰ কোকোৰাঝাৰ বাসগৃহৰ পৰা ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে ধৃত সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে সদৰি কৰা মতে মুছাহাৰীক জেৰাই ছেণ্ডিকেট মাফিয়াৰ লগতে বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা আছে।

Exit mobile version