NORTH KOREA FIRES MISSILES AND SHELL . FURTHER IN FLAMING TENSIANS :উত্তৰ কোৰিয়াই নিক্ষেপ কৰিলে দুটাকৈ বেলিষ্টিক মিছাইল

কোৰিয়ান দ্বীপত যুদ্ধৰ দাবানল

WhatsApp Image 2022 10 14 at 15.43.47

NORTH KOREA FIRES MISSILES AND SHELL . FURTHER IN FLAMING TENSIANS : ইউক্ৰেইন- ৰাছিয়াৰ মাজত অব্যাহত থকা যুদ্ধৰ উত্তেজনাৰ মাৰ নৌযাওঁতেই এইবাৰ পুনৰ জাপান সাগৰত বৃদ্ধি পাইছে দুই কোৰিয়াৰ যুদ্ধৰ দাবানল ৷ উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জংৰ নিৰ্দেশত বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াক লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল বেলিষ্টিক মিছাইল ৷ ইয়াৰ পিছতে তীব্ৰ উত্তেজনা বৃদ্ধি পাই কোৰিয়ান দ্বীপত ৷

 

লক্ষণীয়ভাৱে ২৪ ঘন্টা নৌহওঁতেই আজি পুনৰ দ্বিতীয়টো বেলিষ্টিক মিছাইল নিক্ষেপ কৰে উত্তৰ কোৰিয়াই ৷ কিন্ত প্ৰক্ষেপিত মিছাইলটো পৰেগৈ জাপান সাগৰত ৷ কিম জংৰ এই আগ্ৰাসনমুলক কাৰ্য বিৰুদ্ধে গৰজি উঠে জাপান চৰকাৰ৷ শেহতীয়াকৈ উত্তৰ কোৰিয়াই জাপান,দক্ষিণ কোৰিয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াকো গুৰুত্ব নিদি কোৰিয়ান সীমান্তৰ উৰাইছে যুদ্ধ বিমান ৷ একেদৰে দক্ষিণ কোৰিয়াও প্ৰেৰণ কৰিছে যুদ্ধ বিমান৷এক আতংকময় পৰিস্থিতিৰ বিৰাজ কৰিছে কোৰিয়ান সাগৰত ৷

আনহাতে উত্তৰ কোৰিয়াৰ এই কাৰ্য্যক তীব্ৰ গৰিহণা দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই ৷ মাৰ্কিন প্ৰশাসনে তীক্ষ্ণ দৃষ্টি দৃষ্টি নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াৰ শেহতীয়া কাৰ্যকলাপক ৷

Exit mobile version