PM Narendra Modi : হিন্দীত মেডিকেল পঢ়াৰ সুযোগে ইতিবাচক পৰিৱৰ্তন আনিব দেশত : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

cc8598fa 0969 11e7 ba13 f6aef3964879

দেশত প্রথম মধ্যপ্রদেশত হিন্দীত অনুবাদিত মেডিকেলৰ কিতাপ উদ্বোধন হ’ল দেওবাৰে । এই উদ্যোগৰ ফলত দেশত ইতিবাচক পৰিৱৰ্তন আহিব বুলি মন্তব্য কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

দেওবাৰে মধ্যপ্রদেশৰ ৰাজধানী ভোপালত এমবিবিএছ শিক্ষাৰ্থীৰ বাবে তিনিটা বিষয়ৰ হিন্দীত অনুবাদ কৰা কিতাপ উদ্বোধন কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । এই দিনটো ইতিহাসৰ পৃষ্ঠাত গুৰুত্বপূর্ণ হিচাপে বর্ণনা কৰি শ্বাহে কয়, ‘‘মধ্যপ্রদেশেই দেশৰ প্রথম ৰাজ্য, য’ত হিন্দীত মেডিকেল পঢ়াৰ বিষয়টো আৰম্ভ কৰা হ’ল ।’’ এই উপলক্ষে শ্বাহৰ টুইট উদ্ধৃত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘‘মেডিকেল শিক্ষাক্ষেত্রত এই উদ্যোগে দেশত বৃহৎ ইতিবাচক পৰিৱৰ্তন আনিব ।’’

প্রধানমন্ত্রীয়ে আৰু লিখে, ‘‘ইয়াৰ ফলত লাখ লাখ শিক্ষাৰ্থীয়ে নিজৰ ভাষাত পঢ়িব পাৰিব । তেওঁলোকৰ বাবে বহু সুযোগৰ দুৱাৰ মুকলি হ’ব ।’’

মেডিকেলৰ কিতাপ হিন্দীত অনুবাদ কৰা সন্দৰ্ভত ভোপালৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাও কৰে গৃহমন্ত্ৰী শ্বাহে । গৃহমন্ত্রীগৰাকীয়ে কয় যে, হিন্দীত মেডিকেলৰ কিতাপ অনুবাদ কৰি মধ্যপ্রদেশৰ বিজেপি চৰকাৰে প্রধানমন্ত্রীৰ স্বপ্নপূৰণ কৰিছে । ইয়াৰ বাবে প্রধানমন্ত্রীক ধন্যবাদো জনাইছে শ্বাহে ।

অৱশ্যে কেৱল হিন্দী নহয় । বাংলা, তামিলসহ আৰু ছটা ভাষাত চিকিৎসা আৰু ইঞ্জিনিয়াৰিং পঢ়াবলৈ চৰকাৰ উদ্যোগী হৈছে বুলি জনাইছে শ্বাহে ।

মধ্যপ্রদেশত হিন্দীত লিখা মেডিকেল কিতাপ প্রকাশক লৈ চিকিৎসক মহলৰ একাংশ অৱশ্যে সংশয়ত আছে । হিন্দীৰ লগতে আঞ্চলিক ভাষাতো মেডিকেল পঢ়া সম্ভৱ হয় নে নহয়, ইয়াক লৈ প্রশ্ন তুলিছে অনেকেই । তেওঁলোকৰ মতে, চিকিৎসাশাস্ত্রৰ বহু শব্দই আঞ্চলিক ভাষাত অনুবাদ কৰিব নোৱাৰি । ফলত সমস্যা হ’ব পাৰে । তদুপৰি, এমবিবিএছ উত্তীৰ্ণ হোৱাৰ পাছত অনেকেই উচ্চশিক্ষাৰ বাবে বিদেশলৈ যায় । সেই ক্ষেত্রত তেওঁলোকৰ সমস্যা হ’ব পাৰে ।

Exit mobile version