KEDARNATH HELICUPTER CRASH :উত্তৰাখণ্ডৰ কেদাৰনাথত ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনা

পাইলটসহ ৭ লোকে হেৰুৱালে প্ৰাণ, মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ

WhatsApp Image 2022 10 18 at 14.07.51 1

KEDARNATH HELICUPTER CRASH : পাৰ্বত্য ৰাজ্য উত্তৰাখণ্ডৰ কেদাৰনাথ ধামৰ পৰা ২ কিলোমিটাৰ নিলগৰ গৰুড়ীচট্টীৰ আজি পুৱাতে সংঘটিত হয়  ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ৷ গুপ্তকাশীৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পাছতে গৰুড়চট্টীত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত এগৰাকী পাইলটসহ ৬ গৰাকী ভক্ত আছিল।

দুৰ্ঘটনাৰ সংঘটিত হোৱা পিছতে প্ৰশাসনৰ উদ্ধাৰকাৰী দলে বৰ্তমানলৈ ৬গৰাকীক মৃতদেহ উদ্ধাৰ কৰিছে । আনহাতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে টুইট কৰি প্ৰকাশ কৰে য়ে, “কেদাৰনাথৰ ওচৰৰ গৰুড় চাট্টিত সংঘটিত দুৰ্ভাগ্যজনক হেলিকপ্টাৰ দুৰ্ঘটনাত কিছু লোকহতাহত হোৱাৰ বিষয়ে অতি দুখজনক খবৰ পোৱা গৈছে। এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ দলসমূহ সাহায্য আৰু উদ্ধাৰ ৰক্ষাৰ কামৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে। এই শোকাৱহ ঘটনাটোৰ বিতং তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’

উল্লেখ্য যে তীৰ্থযাত্ৰীক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন কেদাৰনাথৰ পৰা ফাটা হেলিপেডলৈ উৰা মাৰিআছিল। দুৰ্ঘটনাটোৰ পিছতে এছআৰডিএফ (ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী) দল আৰু স্থানীয় আৰক্ষীক দুৰ্ঘটনাস্থলীলৈ ততাতৈয়াকৈ লৈ যোৱা হৈছে । ইপিনে কেন্দ্ৰীয় বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই টুইট কৰি কয়, “কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। ক্ষতিৰ পৰিমাণ জানিবলৈ আমি ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰি আছো, আৰু পৰিস্থিতিনিৰন্তৰ নিৰীক্ষণ কৰি আছো,” ।

উত্তৰাখণ্ডৰ এছ.ডি.আৰ.এফ. কমাণ্ডেণ্ট মণিকান্ত মিশ্ৰাই হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাটো নিশ্চিত কৰিছে, যিটো উৰণৰ কেইমিনিটমান পিছত সংঘটিত হোৱা বুলি জনা গৈছিল। বেয়া বতৰে দুৰ্ঘটনাটোৰ কাৰণ হোৱা বুলি বিশ্বাস কৰা হয়।

হেলিকপ্টাৰ পৰিচালনা কৰা ব্যক্তিগত প্ৰতিষ্ঠান – আয়ান এভিয়েচন প্ৰাইভেট লিমিটেডৰ জ্যেষ্ঠ এজন বিষয়া এজনে কয়, “প্ৰাপ্ত প্ৰাথমিক তথ্য অনুসৰি, দিল্লীস্থিত আৰ্য এভিয়েচনৰ ভিটি-আৰপিএন হিচাপে পঞ্জীয়ন কৰা বেল ৪০৭ হেলিকপ্টাৰ কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়।”

Exit mobile version