Sanna Irshad Mattoo : পুলিৎজাৰ গ্ৰহণ কৰিব নোৱাৰিলে ছানাই !

বিমানবন্দৰত পুনৰ বাধা আৰোপ কৰা হ'ল কাশ্মীৰি চিত্র সাংবাদিকক

WhatsApp Image 2022 10 19 at 20.46.24

পুলিৎজাৰ জয়ী কাশ্মীৰি চিত্র সাংবাদিক ছানা ইৰছাদ মাট্টুক আমেৰিকা যোৱাত বাধা দিয়া হ’ল । দিল্লী বিমানবন্দৰত তেওঁক বাধা দিয়া হৈছে বুলি অভিযোগ । ফলত সামাজিক মাধ্যমত তেওঁ ক্ষোভ উজাৰিছে ।

ছানাই জনাইছে, তেওঁ পুলিৎজাৰ বঁটা ল’বলৈ নিউ ইয়র্কলৈ গৈ আছিল । দিল্লী বিমানবন্দৰৰ অভিবাসন দপ্তৰে তেওঁক বাধা দিছে । টুইটাৰত কাশ্মীৰি সাংবাদিকগৰাকীয়ে লিখিছে, ‘‘ম‌ই পুলিৎজাৰ বঁটা ল’বলৈ নিউ ইয়র্ক গৈ আছিলো । কিন্তু দিল্লী বিমানবন্দৰৰ অভিবাসন দপ্তৰত মোক বাধা দিছে । মোক দেশৰ বাহিৰত যাবলৈ দিয়া হোৱা নাই । মোৰ লগত আমেৰিকা যোৱৰ টিকিট আৰু ভিছা, দুটাই আছে ।’’ বাতিল হোৱা ব’র্ডিং পাছৰ ছবিও টুইটাৰত প’ষ্ট কৰিছে তেওঁ ।

উল্লেখ্য যে, এয়ে প্রথম নহয় । ইয়াৰ পূৰ্বেও এবাৰ ছানাক বিদেশ যোৱাত বাধা আৰোপ কৰা হৈছিল দিল্লী বিমানবন্দৰত । কিতাপ প্রকাশ আৰু চিত্র প্রদর্শনীত অংশগ্ৰহণ কৰিবলৈ পেৰিছলৈ গৈছিল তেওঁ । তেতিয়া তেওঁক একেদৰেই বাধা দিয়া হৈছিল । সেই কথাও টুইটত জনাইছে ছানাই ।

ছানাই টুইটত লিখে, ‘‘এইবাৰৰ লগত মোক দ্বিতীয়বাৰ বাধা দিয়া হ’ল, কোনো কাৰণ নোহোৱাকৈয়ে । প্রথমবাৰ যি হৈছিল, তাৰ পাছত ম‌ই বহু বিষয়াক প্রশ্ন কৰিছিলো । কিন্তু কোনেও মোক সদ্‌উত্তৰ দিব পৰা নাই ।’’ নিউ ইয়র্কৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ জীৱনত এবাৰেই আহে বুলিও জনায় ছানাই ।

ছানা এটা আন্তর্জাতিক সংবাদ সংস্থাৰ চিত্র সাংবাদিক । ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৰ ছবি তুলি ২০২২ত পুলিৎজাৰ লাভ কৰিছিল তেওঁ । ন এপ্রিলত পুলিৎজাৰ জয়ীৰূপে তেওঁৰ নাম ঘোষণা কৰা হয় । সেই বঁটা গ্রহণ কৰিবলৈয়ে নিউ ইয়র্ক গৈছিল তেওঁ ।

জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সূত্র অনুসৰি, কাশ্মীৰৰ কিছুসংখ্যক সাংবাদিকৰ বিদেশ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্র‌ই । সেই তালিকাত ছানাৰ নামো আছে । কিন্তু এই বিষয়ত প্রকাশ্যত একো জনোৱা নাই । ছানাৰ অভিযোগ, কোনো কাৰণ নোহোৱাকৈয়ে তেওঁক বাৰে বাৰে বাধা দিয়া হৈছে ।

Exit mobile version