sualkuchi :শুৱালকুছিত দৰ্জীৰ কাণ্ড

যুৱতীৰ কাপোৰ সলোৱা ভিডিঅ’ গোপনে ৰেকৰ্ডিং কৰিলে দৰ্জীয়ে,আটক দৰ্জী

WhatsApp Image 2022 10 19 at 13.14.58 1

sualkuchi :বস্ত্ৰনগৰী শুৱালকুছিত দৰ্জীৰ ভয়ংকৰ কাণ্ড। কাপোৰ চিলাই কৰা এজন দৰ্জীয়ে কাপোৰ সলনি কৰি থকা কোঠাত এগৰাকী যুৱতীয়ে কাপোৰ পিন্ধি থকাৰ দৃশ্য ম’বাইলেৰে ভিডিঅ ৰেকডিং কৰি থকাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ৷ অভিযোগ উদ্থাপিত হোৱা দৰ্জীজনৰ নাম আজিজুৰ ৰহমান। উল্লেখ্য যে দোকানখনলৈ অহা প্ৰায় সংখ্যক যুৱতী আৰু মহিলাই কাপোৰ সলনি কৰিলে গোপনে ভিডিঅ’ কৰে দৰ্জীজনে ৷ শুৱালকুছি কলিতাপাৰাৰ ফেশ্বন লেডিজ কৰ্ণাৰ নামৰ দোকানখনত সংঘটিত হোৱা এই কাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ শুৱালকুছিতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়

ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পৰিয়ালে শুৱালকুছি থানাত দৰ্জী আজিজুৰ ৰহমানৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷ ইতিমধ্যে আৰক্ষীয়ে আজিজুৰক আটক কৰাৰ লগতে জব্দ কৰে ম’বাইল ফোনটো ৷ ম’বাইলটোত বহু আপত্তিজনক ভিডিঅ’ পোৱা গৈছে ৷আনহাতে আটকাধীন দৰ্জীজনে গোপনে কেমেৰা কৰি থকা কথা স্বীকাৰ কৰিছে ৷স্থানীয় ৰাইজে ধুৰন্ধৰ দৰ্জী আজিজুৰৰ কঠোৰ শাস্তি দাবী জনাইছে ৷

Exit mobile version