WEST KARBIANGLONG SMUGGLING TIMBER TRADE : অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰত বনদস্যুৰ দপদপনি

নিশা বন কৰ্মীক আক্ৰমণৰ লক্ষ্যৰে হাতে-হাতে দা, জোং লৈ খাছী লোকৰ চোঁচা,আক্ৰমণৰ পৰা কথমপি ৰক্ষা কৰ্মৰত বন কৰ্মীৰ

WhatsApp Image 2022 10 19 at 18.28.33 2

WEST KARBIANGLONG SMUGGLING TIMBER TRADE : অসম-মেঘালয় সীমান্তৰ মুক্ৰত বনদস্যুৰ দপদপনি । নিশা বন কৰ্মীক আক্ৰমণৰ লক্ষ্যৰে হাতে-হাতে দা, জোং লৈ খাছী লোকৰ চোঁচা। আক্ৰমণৰ পৰা কথমপি ৰক্ষা কৰ্মৰত বন কৰ্মীৰ। উল্লেখযোগ্য যে প্ৰত্যেক নিশাৰ দৰে যোৱা নিশা খেৰণিস্থিত দক্ষিণ বন সংমণ্ডলৰ এদল বন কৰ্মীয়ে চলোৱা এক অভিযানত মুক্ৰত এখন এম.এল ০৫-৫০৭২ নম্বৰৰ কুণ্ডা চোৰৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ কৰে।

ফলত ঘটনাক কেন্দ্ৰ কৰি সীমান্তৰ মুক্ৰত এক যুদ্ধংদেহি তৎপৰতাৰে প্ৰায় দুই শতাধিক খাছী লোকে হাতে-হাতে দা, জোং লৈ ওলাই আহি কৰ্মৰত বন কৰ্মীক আক্ৰমনৰ বাবে উদ্দত হৈ পৰে । ইপিনে, এনে পৰিস্থিতিৰ প্ৰত্যুত্তৰ দিবলৈ বন কৰ্মীয়েও গুলীয়াবলৈ প্ৰস্তুত হ’য় ৷ শেহতীয়াকৈ দুয়ো পক্ষৰ মাজত সৃষ্টি হোৱা বাক-বিতৰ্কই পৰিস্থিতি ভয়াৱহ, ভীষন হৈ পৰাত আৰু খাছী লোকৰ সংখ্যা অধিক দেখি বন কৰ্মীয়ে অৱশেষত জব্দ কৰা কুণ্ডাভৰ্তি ট্ৰাক এৰি ঘটনাস্থলীৰ পৰা পলায় আহিব লগা হয় ৷

কিন্তু কথা হল বন বিভাগৰ বন বিষয়া মনছিং তিচ্ছৰ নিৰ্দেশত চলা ধাৰাবাহিক অভিযান আৰু নতুনকৈ যোগদান কৰা সুদক্ষ বন সুৰক্ষা বিষয়া নৱকান্ত  শইকীয়াৰ তীক্ষ্ণ নজৰ থকা দাবী কৰি অহাৰ পাছতো কিয় ৰোধ কৰিব পৰা নাই সীমান্তৰ বন ধ্বংস যজ্ঞ, কিয় শিক্ষা দিব পৰা নাই এতিয়াও চুবুৰীয়া ৰাজ্যৰ বনদস্যুহতক ? যাক লৈ এতিয়া এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে সচেতন আৰু প্ৰকৃতিপ্ৰেমী ৰাইজৰ মনত ।

Exit mobile version