ডিব্ৰুগড়ত পৰিবহণ বিষয়া কাৰ্যালয়ত সাতশ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা নিম্নবৰ্গ সহায়ক দিতিমণি গগৈৰ ডিব্ৰুগড়ৰ ফ্লেটত অভিযান চলাই জব্দ কৰে ন লাখ ৩০ হেজাৰ টকা ৷
ADVERTISEMENT
উৎকোচ কাণ্ডত দিতিমণি গগৈৰ স’তে গ্ৰেপ্তাৰ হোৱা দালাল পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা দুৰ্নীতি নিবাৰকৰ বিষয়াই তালাচী চলাই বহু পৰিমাণৰ ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰে ৷
ইতিমধ্যে ধৃত দুয়োকে অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনা হয় ৷
উল্লেখ্য যে দিতিমণিৰ বাসগৃহত অভিযানৰ সময়ত তেওঁৰ পুত্ৰই অভিযানকাৰী দলক বহু সময় ধৰি বাধাপ্ৰদান কৰে যদিও পাছত আৰক্ষীয়ে তালাচী চলায় ।