দেশৰ অর্থনীতিৰ অৱস্থা সুস্থিৰ কৰিবলৈ বিগত ছমাহত চাৰিবাৰ ৰেপ’ ৰেট বৃদ্ধি কৰিছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই । এফালে মুদ্রাস্ফীতি, আনফালে প্রয়োজনীয় সামগ্ৰীৰ ক্রমবর্ধমান মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ হাবাথুৰি খাইছে জনসাধাৰণে । উৎসৱৰ বতৰত সেয়ে জনসাধাৰণক স্বস্তি দিবলৈ গৃহঋণৰ সুদত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে বিভিন্ন বেচৰকাৰী আৰু ৰাষ্ট্রায়ত্ত বেংকে ।
দীপাৱলীৰ উপহাৰৰূপে ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্রাহকসকলৰ গৃহঋণত ০.২৫ শতাংশ, সম্পত্তি বন্ধক ৰাখি ঋণ লোৱাৰ ক্ষেত্রত ০.৩০ শতাংশ আৰু অন্যান্য ক্ষেত্রত ০.১৫ শতাংশ হাৰত ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে ।
বেচৰকাৰী ‘এইচডিএফচি’ বেংকে তেওঁলোকৰ গ্রাহকসকলক ৭৫০ ক্রেডিট স্ক’ৰ আৰু ঋণৰ অংকৰ নিৰিখত, মাত্র ৮.৪ শতাংশ হাৰত সুদ লোৱাৰ কথা ঘোষণা কৰিছে । এই সুযোগ থাকিব নৱেম্বৰ পর্যন্ত ।
‘বেংক অৱ মহাৰাষ্ট্র’ই জনাইছে, গৃহঋণৰ ক্ষেত্রত সুদৰ হাৰত কিমান পৰিমাণে ৰেহাই পোৱা যাব, সেয়া নির্ভৰ কৰিব গ্রাহকৰ ৩০ৰ পৰা ৭০ বেছিছ পইন্টৰ ওপৰত ।
‘বেংক অৱ বৰ’দা’ই গৃহঋণত বছৰি ৮.৪৫ শতাংশ হাৰত সুদ লোৱাৰ কথা ঘোষণা কৰিছে ।
তুলনাত সৰু বেচৰকাৰী ঋণপ্রদানকাৰী সংস্থায়ো চাকৰিজীৱীসকলৰ বাবে গৃহঋণত সুদৰ হাৰ কমাই ৮.২ শতাংশ কৰিছে । উৎসৱৰ বতৰত দেশৰ নির্দিষ্ট কিছু স্থানত এই সুযোগ পোৱা যাব বুলি সংস্থাৰ তৰফৰ পৰা জনাইছে ।