KALKATA ED RAID AAMIR KHAN : আমিৰ খানৰ বাসগৃহত প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান !

অভিযানত ট্ৰাংকৰ পৰা উদ্ধাৰ ২০০-৫০০ আৰু ২০০০নোটৰ ১৭ কোটি টকা

WhatsApp Image 2022 10 20 at 15.09.11

KALKATA ED RAID AAMIR KHAN : প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) ৰ বৃহৎ অভিযানকাৰী দল এটাই অভিয়ান চলাই কলকাতাৰ ব্যৱসায়ী আমিৰ খানৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰিছে ৷ ৫টা ট্ৰাংকত আছিল ২০০- ৫০০ আৰু ২০০০ টকাৰ নোটৰ নগদ ১৭ কোটি টকা ৷ অভিযানটো ৰাতিপুৱা আৰম্ভ হৈছিল। ইডি দলটোৰ সৈতে বেংক বিষয়া আৰু কেন্দ্ৰীয় বাহিনীও আছিল।

উল্লেখ্য যে ধনৰ অবৈধ লেনদেন প্ৰতিৰোধ আইনৰ অধীনত অভিযান চলোৱা হৈছিল। মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতত ফেডাৰেল বেংকৰ বিষয়াসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত যোৱা বছৰ ১৫ ফেব্ৰুৱাৰীত কলকাতাৰ পাৰ্ক ষ্ট্ৰীট আৰক্ষী থানাত আমিৰ খান আৰু আনসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।

ম’বাইল গেমিং এপ্লিকেচন সম্পৰ্কীয় চলিত অনুসন্ধানৰ সন্দৰ্ভত ইডিয়ে ১০ ছেপ্টেম্বৰত ধনৰ অবৈধ লেনদেন প্ৰতিৰোধ আইন (পিএমএলএ) ২০০২-ৰ ধাৰাৰ অধীনত এই অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

মনকৰিবলগীয়া যে আমিৰ খান নামৰ ব্যৱসায়ী জনে গেমিং এপ্লিকেচনৰ জৰিয়তে প্ৰৱঞ্চনা কৰিছিল বহু লোকক৷ ই-নাগেটছ নামৰ এটা ম’বাইল গেমিং এপ্লিকেচন মুকলি কৰিছিল। এই এপ্পৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক কমিছনৰ সৈতে পুৰস্কাৰ দিয়া হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ ৱালেটলৈ নগদ ধন প্ৰেৰণ কৰা হৈছিল। যেতিয়া ব্যৱহাৰকাৰীসকল আত্মবিশ্বাসী হয় আৰু তেওঁলোকে এই গেমিং এপ্লিকেচনৰ জৰিয়তে অধিক ধন উপাৰ্জন কৰিব পাৰিব বুলি নিশ্চিত হৈ ধন বিনিয়োগ কৰিছিল খানৰ ই-নাগেটছত ।

স্মতৰ্ৱ্য যে আমিৰ খানে প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰে উপাৰ্জন কৰিছিল কোটি কোটি টকা ৷ এই সন্দৰ্ভত ইডি-এ কয়, আমিৰ খানৰ ই-নাগেটছৰ ব্যৱহাৰকাৰীসকলে ধন ৰখাৰ পিছত মোবাইল গেমিং এপৰ জৰিয়তে প্ৰথমে ভালেই পৰিমানৰ ধন আহৰণ কৰিছিল কিন্ত পিছত এপটো হঠাতে বন্ধ কৰা হৈছিল ৷ য’ত ছিষ্টেমটো উন্নীত নকৰাৰ বিষয়ে অজুহাত দেখুৱা হৈছিল।

ইতিমধ্যে ইডি আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ দ্বাৰা ইয়াৰ তদন্ত কৰাত পোহৰলৈ আহে যে ছিষ্টেমটোৰ প্ৰ’ফাইলৰ পৰা সকলো তথ্য সহ সকলো ডাটা এপ্প চাৰ্ভাৰৰ পৰা বিলোপ কৰা হৈছিল । ইতিমধ্যে ব্যৱহাৰকাৰীয়ে সকলো অৱগত হৈছিল।” এনে বহু অভিযোগৰ ভিত্তিত কেন্দ্ৰীয় সংস্থাটোৱে ম’বাইল গেমিং এপ্লিকেচন সম্পৰ্কীয় অনুসন্ধানৰ সন্দৰ্ভত কলকাতাৰ ছয়টা স্থানত তালাচী চলাই। ইডিয়ে অনুসন্ধান অভিযানৰ সময়ত গোচৰটোৰ সৈতে জড়িত প্ৰতিষ্ঠানবোৰে ভুৱা একাউণ্ট ব্যৱহাৰ কৰি আছিল আৰু প্ৰৱঞ্চনাকাৰীসকলে কোটি কোটি টকা উপাৰ্জন কৰিছিল। এই প্ৰৱঞ্চনাকাৰীসকলৰ ভিতৰত অন্যতম আছিল কলকাতাৰ কুখ্যাত ব্যৱসায়ী আমিৰ খান ৷

Exit mobile version