Suella Braverman : পদত্যাগ দিলে ব্রিটিশ গৃহসচিব ছুৱেলাই

WhatsApp Image 2022 10 20 at 17.26.08

Suella Braverman : পদত্যাগ দিলে ব্রিটেইনৰ গৃহসচিব ছুৱেলা ব্রেভাৰমানে । বুধবাৰে সন্ধিয়া প্রধানমন্ত্রী লিজ ট্রাসৰ স’তে বৈঠকৰ পাছত তেওঁ পদত্যাগ দিয়ে । উল্লেখ্য যে কিছু সপ্তাহৰ ভিতৰতে ট্রাস চৰকাৰৰ দ্বিতীয় গুৰুত্বপূর্ণ সচিবে পদত্যাগ দিলে । সম্প্রতি বিত্তসচিব কোৱাছি কোৱাৰটেংকেক বৰ্খাস্ত কৰিছে লিজে । সুৱেলাক বৰ্খাস্ত কৰা হৈছে নে তেওঁ নিজেই পদত্যাগ দিছে, সেয়া স্পষ্ট নহয় ।

ভাৰতীয় বংশোদ্ভূত ছুৱেলাই সম্প্রতি ভাৰতীয়ক লৈ বিতর্কিত মন্তব্য কৰে । দাবী কৰে, ‘‘ভিছাৰ ম্যাদতকৈ অধিক সময় থকাৰ সম্ভাৱনা ভাৰতীয়সকলৰ ক্ষেত্রতেই সৰ্বাধিক ।’’ ইয়াৰ ফলত ভাৰত চৰকাৰৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় ব্রিটেইনে । ভাৰত-ব্রিটেইন মুক্ত বাণিজ্য চুক্তিৰ ভৱিষ্যতকলৈও প্রশ্ন উদয় হয় । বিগত সপ্তাহত দলীয় সন্মিলনত অনুপ্রৱেশকাৰীসকলৰ ৰোৱাণ্ডা যোৱাৰ স্বপ্নৰ কথা কৈও বিপাকত পৰিছিল ছুৱেলা ।

পুনৰ কালি হাউছ অৱ কমন্সত তেওঁ ব্রিটেইনত সাম্প্রতিক ধর্মঘটৰ বাবে লেবাৰ পার্টিক দোষাৰোপ কৰাত প্রৱল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় । সূত্র অনুসৰি, ছুৱেলাই লিজৰ ওচৰত নিজৰ ভুলৰ কথা স্বীকাৰ কৰিছে । অৱশ্যে পদত্যাগৰ পূৰ্বে চৰকাৰৰ স’তে নিজৰ মতবিৰোধৰ কথাও কৈছে তেওঁ । তেওঁৰ দাবী, লিজ চৰকাৰে নির্বাচনী ইস্তাহাৰত থকা অধিকাংশ প্রতিশ্রুতিয়ে পূৰণ কৰিব পৰা নাই ।

নতুন গৃহসচিবৰ নাম এতিয়াও ঘোষণা কৰা নাই । প্ৰাপ্ত তথ্য অনুসৰি, গ্রেন্ট ছেপছৰ গৃহসচিব হোৱাৰ সম্ভাৱনা সৰ্বাধিক । কনজাৰভেটিভ পার্টিৰ প্রধানমন্ত্রী পদপ্রার্থী হোৱাৰ দৌৰত গ্রেন্ট ঋষি ছুনকক সমর্থন কৰিছিল । তেওঁ গৃহসচিব হ’লে এই লৈ দ্বিতীয়বাৰ ছুনক-সমর্থক ট্রাস চৰকাৰৰ অন্তর্ভুক্ত হ’ব । বর্তমানৰ বিত্তসচিব জেৰেমি হান্টেও ছুনকক সমর্থন কৰিছিল । কিছু সপ্তাহৰ ভিতৰতে চৰকাৰৰ দুই গুৰুত্বপূর্ণ সদস্যৰ পদত্যাগৰ ফলত ট্রাস চৰকাৰৰ পৰিস্থিতি নাজল-নাথল হৈছে বুলি মত ৰাজনীতিকসকলৰ ।

Exit mobile version