A gruesome incident in nagaon’ tubuki : নগাঁৱৰ টুবুকীত লোমহৰ্ষক কাণ্ড

পত্নীক ডেগাৰেৰে ঘপিয়াই পলায়ন স্বামীৰ

WhatsApp Image 2022 10 21 at 12.39.09

A gruesome incident in nagaon’ tubuki : নগাঁও জিলাৰ কঠিয়াতলীৰ টুবুকীত এক লোমহৰ্ষক কাণ্ডই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে । পত্নীক ডেগাৰেৰে উপযুপৰি হানি -খুচি পলায়ন কৰাৰ এক অভিযোগ উদ্থাপিত হৈছে ৷ দৈনিক হৈ থকা পাৰিবাৰিক কন্দলৰ বাবেই কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত টুবুকী গ্ৰাণ্ট গাঁৱৰ শ্বহীদ আলীয়ে নিজ পত্নীক ডেগাৰেৰে উপযুপৰি আঘাত কৰি পলায়ন কৰে ৷

উল্লেখযোগ্য যে বাৰ বছৰ পূৰ্বে একেখন গাঁৱৰে আছমা খাতুনৰ স’তে বিয়া হৈছিল ছহিদ আলীৰ৷বিবাহ পিচত সংসাৰ থিকেই চলি আছিল ৷ স্বামী-স্ত্ৰী দুয়ো মিলি বাসগৃহৰ সমীপৰে এঘাৰমাইল নামৰ হোটেল এখনত কাম কৰি জীৱননিৰ্বাহ কৰি আহিছিল ৷ যোৱাকালি সন্ধিয়া পাঁচমান বজাত আচমাই হোটেলৰ কৰ্ম সম্পাদন কৰি এখন ৰিক্সা থকা সময়তে কোনো কথাৰ অৱতাৰণা নকৰাকৈ স্বামীয়ে ডেগাৰেৰে আক্ৰমণ কৰে ৷ এই কাৰ্য সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে শ্বহিদ আলীয়ে ৷

আনহাতে তেজেৰে তুমৰলি হৈ গুৰুত্বৰভাৱে আহত আছমাক স্থানীয় লোকে ততাতৈয়াকৈ নগাঁও চিভিল হাস্পতাললৈ নিয়ে যদিও অৱস্থা অতি গুৰুত্বৰ দেখি চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে কঠিয়াতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শ্বদীদ আলীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

Exit mobile version