Madhya Pradesh Accident :
মধ্য প্ৰদেশ ৰেৱাত যোৱা নিশা সংঘটিত হোৱা বাছ-ট্ৰাকৰ মুখামুখি সংৰ্ঘষত থিতাতে নিহত হয় ১৪ জনকৈ লোক ৷ ভয়ংকৰ পথ দুৰ্ঘটনাটোত গুৰুত্বভাৱে আহত হয় ৪০ জন ৷
ভূপালৰ পৰা প্ৰায় ৫৩০ কিলোমিটাৰ দূৰৰ ৰেৱা জিলাৰ ৰাষ্ট্ৰীয় ঘাই পথত তেলেংগানাৰ হাইদৰাবাদৰ পৰা গোৰখপুৰ অভিমুখে গৈ থকা যাত্ৰীবাহী বাছ এখনৰ সৈতে বিপৰীত ফালৰ পৰা অহা ট্ৰাকৰ স’তে মুখামুখি সংৰ্ঘষ হয় ৷ ট্ৰাকৰ খুন্দাত বিধস্ত হৈ পৰা বাছ খনৰ ১৫ জনকৈ যাত্ৰী মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৪০ ৷

অভিশপ্ত বাছখনৰ অধিক সংখ্যক যাত্ৰীয়েই আছিল বিহাৰ,নেপাল আৰু উত্তৰ প্ৰদেশৰ ৷ উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা পথটো পাহাৰীয়া অঞ্চল৷ আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷

আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে (Shivraj Singh Chouhan) দুৰ্ঘটনাটোত নিহত সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি কয় যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ স’তে ফোনযোগে বাৰ্তালাপ কৰা হৈছে । “উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে, এই দুখৰ সময়ত আমি দুৰ্ভগীয়া পৰিয়ালৰ লোকসকলৰ স’তে আছো ।”
मध्यप्रदेश के शाजापुर में सड़क दुर्घटना का दु:खद समाचार प्राप्त हुआ है। मैं घायलों के सकुशल होने तथा शीघ्र स्वास्थ्य लाभ की कामना करता हूं।
परमात्मा से दिवंगत आत्माओं को अपने श्रीचरणों में स्थान देने की प्रार्थना करता हूं।
।। ॐ शांति ।।
— Shivraj Singh Chouhan (मोदी का परिवार ) (@ChouhanShivraj) October 22, 2022
ইপিনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ দুই লাখ আাৰ্থক ক্ষতিপূৰণ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে এটা টুইটযোগে কয়, “দুৰ্ভগীয়া পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা আছে ।”
'नए उत्तर प्रदेश' में होने वाले पावन दीपोत्सव में 'स्वदेशी' का आग्रह है, 'आत्मनिर्भरता' का संदेश है, 'सहयोग' की भावना है।
आइए, इस पावन दीपोत्सव के अवसर पर एक 'समर्थ, सशक्त और समृद्ध उत्तर प्रदेश' के लिए संकल्पित हों।🪔
— Yogi Adityanath (@myogiadityanath) October 22, 2022
একেদৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে (Ashok Gehlot) এক টুইটযোগে উল্লেখ কৰে, ” ৰেৱাত সংঘটিত এই পথ দুৰ্ঘটনাৰ বিষয়ে গম পাই বৰ দুখ পাইছো য’ত বহুলোকে প্ৰাণ হেৰুৱাইছে । শোকসন্তপ্ত পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা । এই কঠিন সময়ত তেওঁলোক শক্তিশালী হৈ থাকক । আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।”
My heartfelt condolences to the bereaved families. May the family members remain strong to bear this loss. We stand with them in this most difficult time.
— Ashok Gehlot (@ashokgehlot51) October 22, 2022