Chaygaon : ছয়গাঁৱৰ বনগাঁৱত বাতৰি কাকতৰ টোপোলা চুৰি

WhatsApp Image 2022 10 22 at 15.12.41

Chaygaon :

ছয়গাঁৱৰ বনগাঁৱত বাতৰি কাকত এজেন্সীৰ পৰা বাতৰি কাকতৰ টোপোলা চুৰি। কাকতৰ এজেণ্ট জয়ন্ত মেধীৰ পৰা চুৰি বাতৰি কাকতৰ বহুকেইটা টোপোলা । ডেম্পৰ কৰ্মচাৰীৰ দ্বাৰা বাতৰি কাকতৰ টোপোলা চুৰি । বামুণীগাঁও শান্তিপুৰ পথত চোৰ চিদ্দিক আলীক আটক।

চোৰ চিদ্দিক আলী হৈছে মালিক সাগৰ আলীৰ ডেম্পৰ কৰ্মচাৰী। সাগৰ আলীৰ ঘৰ টুপামাৰী । চোৰ চিদ্দিকক আটক কৰে বাতৰি কাকতৰ এজেণ্ট জয়ন্ত মেধীয়ে । চোৰ চিদ্দিক আলীক ধৰি গটালে বকো আৰক্ষীক। চোৰ চিদ্দিক আলীৰ ঘৰ নগৰবেৰাৰ সমীপৰ টুপামাৰীত।

বকো আগছিয়াত থকা সাগৰ আলীৰ ডেম্পৰ কৰ্মচাৰী চোৰ চিদ্দিক। পূৰ্বেও সংঘটিত হৈছে কাকতৰ টোপোলা চুৰিৰ ঘটনা। দৈনিক অগ্ৰদূত, দৈনিক অসম, নিয়মীয়া বাৰ্তা, Assam Tribune, অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, আমাৰ অসম, পূৰ্বাঞ্চল প্ৰহৰী, অসমীয়া খবৰৰ টোপোলা চুৰি। বকো আৰু বনগাঁৱত কাঠ ফুলাৰ দৰে গজি উঠিছে ডেম্প । ডেম্প সমূহৰ মালিক সংখ্যালঘু অধ্যুষিত এলেকাৰ । CCTV ত বন্দি চুৰি কৰা দৃশ্য।

Exit mobile version