Bipasha Basu : মাতৃ হ’ল বিপাশা বসু , সন্তানক কোলাত লৈ ফটো চেয়াৰ কৰিলে কৰণ-বিপাশাই

530314 bipasha ssssssssssss

Bipasha Basu :

বিগত কিছু মাহ পূৰ্বে ছ’চিয়েল মিডিয়াত এটা সুখবৰ বিয়পি পৰিছিল যে অতি শীঘ্ৰেই জনপ্ৰিয় অভিনেত্ৰী বিপাশা বসু মাতৃ হ’ব । স্বামী কৰণ সিং গ্ৰোভাৰৰ লগত অন্ত:সত্বা বিপাশাই যুগ্ম ফটো চেয়াৰ কৰি অনুৰাগীসকলক এই খবৰটো দিয়াত কৃপণালি কৰা নাছিল ।

দুয়োৰে সংসাৰত নতুন সদস্য অহাৰ খবৰে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে অনুৰাগীসকলোকো আনন্দিত কৰি তুলিছিল । বিপাশাৰ মা হ’বলৈ আগবঢ়াৰ এই খবৰে ছ’চিয়েল মিডিয়াতো দুয়ো দম্পতীক শুভেচ্ছাবাণীয়ে উপচাই পেলোৱা দেখা গৈছিল ।

অৱশেষত কৰণ-বিপাশা কোলাত আহিল এটি সদ্যজাত দেৱশিশু । বৰ্তমান ছ’চিয়েল মিডিয়াত সন্তানসহ দুয়ো পিতৃ-মাতৃৰ ফটো বিয়পি পৰিছে । অভিনেতাদ্বয়ৰ টাইম লাইনত উপচি পৰিছে শুভেচ্ছা বাৰ্তাই । দুয়োৰে এই সুখৰ দিনত অংশীদাৰ হৈছে অনুৰাগী ।

কিছু বছৰ পূৰ্বে মহা ধুমধামেৰে বাংলাৰ এই অভিনেত্ৰীক বিয়া কৰাইছিল পাঞ্জাৱৰ অভিনেতা কৰণে । অৱশ্যে কৰণৰ স’তে সম্পৰ্ক কৰাৰ পূৰ্বেও বিপাশাই বহু বলীউড অভিনেতাৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল । বিশেষকৈ জনপ্ৰিয় অভিনেতা তথা মডেল জন আব্ৰাহামৰ লগত বিপাশাৰ সম্পৰ্ক আছিল স্বামী-স্ত্ৰীৰ দৰে ।

বহু বছৰ ধৰি চলা এই সম্বন্ধৰ ইতি পেলাই অৱশেষত অভিনেত্ৰীগৰাকীয়ে পাঞ্জাৱী পৰিয়ালৰ কৰণৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ।

একেদৰে কৰণৰ বাবেই এইয়া প্ৰথম বিবাহ নহয় । ইয়াৰ পূৰ্বেও অভিনেতাগৰাকীয়ে জনপ্ৰিয় টেলিভিছন তাৰকা জেনিফাৰ উইংগেটক বিয়া কৰাইছিল । জেনিফাৰক ডিভৰ্চ দিয়াৰ পিছতহে বিপাশাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল কৰণ ।

বৰ্তমান কৰণ-বিপাশাৰ দাম্পত্য জীৱন যথেষ্ট সুখকৰ হোৱা দেখা গৈছে । দুই তাৰকাৰ এই কেমেষ্ট্ৰি দেখি কোনেও যেন হিংসা নকৰাকৈ থাকিব নোৱাৰে । বিয়াৰ বহু বছৰৰ পিছতো দুয়োৰে মাজত কোনোধৰণৰ ফাট মেলাৰ ধাৰণা কৰিব নোৱাৰি । যেন কোনোদিনেই এই সম্বন্ধ ভঙা সম্ভৱ নহ’ব ।

এতিয়া দুয়োৰে সংসাৰে পূৰ্ণতা লাভ কৰিলে । বিগত আগষ্ট মাহত অন্ত:সত্বাৰ খবৰ দিছিল দুয়ো দম্পত্তীয়ে । যাৰবাবে সন্তানৰ মুখ চাবলৈও অধীৰ আগ্ৰহেৰে ৰৈ আছিল অনুৰাগী ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটোখনত কৰণৰ কোলাত টোপনি যোৱা অৱস্থাত দেখা গৈছে এটা সদ্য ওপজা শিশু । ছবিখন অৱশ্যে এতিয়াৰ নহয় । ২০১৯ চনত এটি কেচুৱা কোলাত লোৱা এই ছবিখন পুনৰ ভাইৰেল হৈ পৰা দেখা গৈছে ।

উল্লেখ্য যে, এই ছবিখন আগতেও এবাৰ ভাইৰেল হৈছিল। এই শিশুটি কৰণ-বিপাশাৰ নহয় । নেটিজেনক সন্তুষ্ট কৰিবলৈ আৰু সদ্যজাত শিশুটি চাবলৈ উদগ্ৰীব হৈ থকা অনুৰাগীৰ বাবেহে পুৰণা এই ছবি ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত । এতিয়া এই ছবিতেই অনুৰাগীয়ে শুভেচ্ছা বাৰ্তা দিয়া পৰিলক্ষিত হৈছে ।

Exit mobile version