Guhya Kali : ‘’লোক বিশ্বাস’’ জাগ্ৰত দেৱী গুহ্যকালী !

যাৰ ইতিহাস জানিলে আপুনিও চমকি উঠিব ----

The history of akalipur guhakali

The-history-of-akalipur-guhakali

Guhya Kali :

বীৰভূমিৰ বিভিন্ন অঞ্চলত বহুত কালী দেৱীৰ মন্দিৰ আছে । কিন্তু জাগ্ৰত মন্দিৰৰ সংখ্যা কম। মানুহৰ বিশ্বাস অনুসৰি সেই ঠাইতে এটা জাগ্ৰত কালী মন্দিৰ আছে , যাৰ নাম হ’ল গুহ্য কালী মন্দিৰ ।

বীৰভূমিৰ নলহাটিৰ আকালিপুৰত এই মন্দিৰ অৱস্থিত । এই অঞ্চলটো মহাৰজা নন্দকুমাৰৰ জন্মস্থান বুলি জনা যায় । প্ৰচলিত ধাৰণা অনুযায়ী , এই গুহ্যকালী মন্দিৰ প্ৰতিষ্ঠা কৰিছিল স্বয়ং মহাৰাজ নন্দকুমাৰে । ইয়াত কালী দেৱীৰ ৰূপক অন্যধৰণে প্ৰতিষ্ঠা কৰা হৈছে । ইয়াত দেৱীক দেখা যায় মন্দিৰৰ গৰ্ভ গৃহৰ পঞ্চমূৰ্ত্তিৰ সৰ্প দেৱীৰ আসনত অথবা সৰ্পৰ বেশ-ভূষাত । পাথৰৰ পৰা কাটি উলিওৱা এই মূৰ্ত্তিৰ আছে অসংখ্য ইতিহাস ।

প্ৰচলিত কথা অনুসৰি , জৰাসন্ধে পাতালত এই দেৱী মূৰ্ত্তিত দৈনিক পূজা কৰিছিল । জৰাসন্ধৰ মৃত্যুৰ পিছত ৰাণী অহল্যাই এই মূৰ্ত্তিটো মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে । পিছত এই মূৰ্ত্তিটো চৈত সিংহক দান কৰে । পৰৱৰ্তী সময়ত নন্দকুমাৰ মহাৰাজে শাসনভাৰ লোৱাৰ সময়ত সপোনত এই মূৰ্ত্তিৰ সন্ধান লাভ কৰে । এই সপোনৰ পম খেদি নন্দকুমাৰে এই বিখ্যাত গুহ্যকালিকা মন্দিৰ স্থাপন কৰে ।

বীৰভূমিৰ বাসিন্দাৰ মতে , এই মন্দিৰক লৈ আৰু প্ৰচলিত মতবাদ আছে । এক মতবাদ অনুসৰি , এই গুহ্যকালী ইমানেই জাগ্ৰত যে , ইয়ালৈ গ’লে কোনো লোক খালী হাতে উভটি নাহে । সকলোৰে মনোবাঞ্চা পূৰণ হয় । দেৱীৰ এই মন্দিৰটো ইটাৰে তৈয়াৰ কৰা হৈছে আৰু ই দক্ষিণমুখী । মন্দিৰৰ গৰ্ভগৃহৰ চাৰিওদিশে প্ৰদক্ষিণ কৰা পথ আছে । মুঠ তিনিটা প্ৰৱেশপথ থকা মন্দিৰটো সম্পুৰ্ণৰূপে পাথৰেৰে নিৰ্মাণ কৰা হৈছে ।

কথিত আছে , এই মন্দিৰ নিৰ্মাণ কৰোতে চাৰিও কাষৰ দেৱালসমূহ ফাটি গৈছিল । পিছত দেৱালসমূহ মেৰামতি কৰোতে দেৱীয়ে সপোনত দেখা দি নিৰ্দেশ দিয়ে যে তেওঁৰ কাৰণে মন্দিৰৰ প্ৰয়োজন নাই ।

দেৱীৰ সেই নিৰ্দেশক প্ৰতি সন্মান জনাই মন্দিৰৰ কাম আধাতে বন্ধ কৰি দিয়া হৈছিল আৰু এতিয়াও মন্দিৰৰ উত্তৰ-পূৱৰ দুই দিশত ফটা দেৱাল দুখন স্পষ্ট হৈ আছে । প্ৰতি বছৰে কালী পূজাৰ সময়ত দূৰ-দূৰণিৰ পৰা অহা ভক্তৰ সমাগমে সমগ্ৰ অঞ্চলটো ভক্তি ৰসেৰে ভৰাই তোলে । বিশেষকৈ অমাৱশ্যাৰ ৰাতি মহা আড়ম্বৰপূৰ্ণভাৱে দেৱীৰ আৰধানা কৰা হয় ।

Exit mobile version