Rishi Sunak is New UK Pm : এজন ভাৰতীয়ই শাসন কৰিব বৃটেইন

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ভাৰতীয় মুলৰ ঋষি ছুনাক

WhatsApp Image 2022 10 24 at 19.32.55

Rishi Sunak is New UK Pm :

ইতিহাস ৰছি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হ’ল এজন ভাৰতীয় মুলৰ ঋষি ছুনাক ৷ এশবছৰ ভাৰক শাসন কৰা ইংৰাজক এতিয়া শাসন কৰিব এজন ভাৰতীয় ৷ দীপাৱলীৰ আনন্দ উছাহৰ মাজতে এইয়া ভাৰতৰ বাবে আন এক আনন্দ ৷

ইতিমধ্যে এই বাতৰি বিয়পি পৰাৰ লগে লগে বৃটেইনৰ ভাৰতীয় বংশোদ্ভূতৰ মাজত বিপুল উছাহ পৰিলক্ষিত হয় ৷
উল্লেখ্য ১৮০ জনৰো অধিক সাংসদৰ ভোট লাভ কৰি ছুনাকে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী পেনি মোৰডান্টপ পৰাভূত কৰি প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় ৷

প্ৰাপ্ত বাতৰি মতে ২৮ অক্টোবৰত নতুন প্ৰধানমন্ত্ৰী ৰূপে ঋষি ছুনাকে শপত গ্ৰহণ কৰাৰ লগতে পাছদিনা অৰ্থাৎ ২৯ অক্টোবৰত তেওঁৰ নতুন কেবিনেট খনো গঠন কৰিব ৷

স্মতৰ্ৱ্য যে তদানীন্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰধানমন্ত্ৰীৰ পৰা পদত্যাগ কৰাৰ পিছত সাজোৰে নাম উদ্থাপিত হৈছিল বৰিছৰ কেবিনেটৰ জ্যেষ্ঠ সচিব ঋষি ছুনাকৰ ৷ কিন্ত লিজ ট্ৰাছে ছুনাকক মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত পৰাভূত কৰি প্ৰধানমন্ত্ৰী পদত অধিস্থিত হয় ৷

কিন্ত প্ৰধানমন্ত্ৰী পদ লাভ কৰাৰ পিছৰে পৰা ট্ৰাছে বিভিন্ন জনবিৰোধী কাৰ্যৰ বাবে অপ্ৰিয় হৈ পৰিছিল ইংৰাজ জনতাৰ ৷ আনকি নিজ দল ‘কনজাৰভেটিভ পাৰ্টি’ৰ সাংসদেও তেওঁৰ নীতিক তীব্ৰ সমালোচনা কৰিছিল ৷

যাৰ ফলস্বৰূপে ৪৫ দিনৰ পিছতে ট্ৰাছে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধা হয় ৷ ইফালে সকলো জল্পনা-কল্পনাৰ অন্তত আজি বিয়লি কনজাৰভেটিভ পাৰ্টিৰ ১৮০ সাংসদৰ ভোট লাভ কৰি ইতিহাস ৰছি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাক ৷

Exit mobile version