Cleaning The Water Tank : ঘৰত ব্যৱহাৰ কৰা পানী টেংকী পৰিষ্কাৰ কৰাৰ সহজ উপায় কি ?

CLEANING THE WATER TANK

Cleaning The Water Tank :

মাহত অন্তত এবাৰ হ’লেও ঘৰত ব্যৱহাৰ কৰা পানীৰ টেংকী পৰিষ্কাৰ কৰাতো খুবেই প্ৰয়োজন । অন্যথা টেংকীৰ ভিতৰত বেক্টেৰিয়া, জীৱাণু বাস কৰিব পাৰে লগতে অপৰিষ্কাৰ টেংকীৰ পানী খোৱা বা স্নান কৰিলে আপোনাৰ কলেৰা, গ্ৰহণী, পেটচলা বা ছালৰো বিভিন্ন সমস্যা আহিব পাৰে । সেইয়ে মাহত এবাৰ হ’লেও আপোনাৰ পানী থোৱা টেংকীটো পৰিষ্কাৰ কৰাতো দৰকাৰ ।

বহুতেই এই পানী থোৱা টেংকীটো পৰিষ্কাৰ কৰিবলৈ এলাহ কৰে বা বহুত সময় লাগে কাৰণে চাফা নকৰে । সেইবাবেই আজি আমি আপোনালোকত পানীৰ টেংকী চাফা কৰাৰ সহজ পদ্ধতিৰ বিষয়ে জ্ঞাত কৰিম। পানীৰ টেংকী চাফা কৰিবলৈ প্ৰথমে আপুনি টেংকীত থকা পানী খালি কৰি ল’ব লাগে । ইয়াৰ পিছত টেংকীটো কিছুসময় উল্টা কৰি ৰাখিব লাগে যাতে টেংকীটোত অলপো পানী ৰৈ নাযায় ।

যিবোৰ টেংকী উল্টা কৰাতো সম্ভৱ নহয় , তেন্তে এখন শুকান কাপোৰ লৈ অলপো পানী নথকাকৈ মচি পেলাব লাগে । ইয়াৰপিছত ব্লিচিং পাউদাৰ লৈ টেংকীৰ ভিতৰত চটিয়াই দিব লাগে । চাব যাতে টেংকীটোৰ চাৰিওফালে ব্লিচিংপাউদাৰখিনি পৰি যায় । এতিয়া এডাল লোহাৰ ব্ৰাছ লৈ টেংকীটোৰ ভিতৰখন চাফা কৰিব লাগে ।

পিছত পানী ঢালি ভালকৈ পৰিষ্কাৰ কৰিব লাগে । চাফা কৰাৰ পিছত অন্তত ২০ মিনিট সময় টেংকীটো শুকাবলৈ দিব লাগে । অকল টেংকী ধুলেই নহয় , তাত সংলগ্ন হৈ থকা পাইপডালো ভালকৈ পৰিষ্কাৰ কৰিব লাগে ।

কিন্তু এইকথা ধ্যান ৰাখিব যে কোনো কাৰণতে যাতে টেংকীৰ ভিতৰত ব্লিচিং পাউদাৰ ৰৈ নাযায় ।

Exit mobile version