Crime : ১৭৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ !

অনলাইন গেমৰ নামত জুৱাৰ ৰমৰমীয়া বেহা

WhatsApp Image 2022 10 25 at 4.44.57 PM

Crime :

অনলাইন গেম প্ৰস্তুত কৰাৰ কথা কৈ জুৱাৰ ৱেবছাইট বনাই কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে বাংলাদেশত । বিগত তিনি বছৰে ১৭৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতৰ এটা সংস্থাৰ বিৰুদ্ধে । বাংলাদেশৰ সংবাদপত্র ‘প্রথম আলো’ত এই প্ৰতিবেদন প্ৰকাশিত হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, অনলাইনত গেম প্ৰস্তুত কৰাৰ কথা কৈ ২০১৯ত বাংলাদেশত বিনিয়োগ উন্নয়ন কর্তৃপক্ষৰ পৰা বিনিয়োগৰ অনুমতি লৈছিল ‘মুন ফ্রগ লেবছ’ নামৰ এটা সংস্থাই । পাছত তেওঁলোকে ‘উল্কা গেমছ লিমিটেড’ নামে সংস্থা খুলি অনলাইন জুৱা ‘তিন পত্তি গ’ল্ড’, ‘কেকে পত্তি’, ‘তাছ পত্তি’ আৰু ‘তিন পত্তি এইছ প্র’ আৰম্ভ কৰে । অভিযোগ, টকা দি জুৱা খেলি কোনো জয়ী হ’ব নোৱাৰে ।

‘উল্কা গেমছ লিমিটেড’ৰ চিইঅ’ জামিলুৰ ৰছিদক উদ্ধৃত কৰি প্রথম আলোৱে জনাইছে, এই সংস্থাই লুডু, তিন পত্তিসহ একাধিক গেম প্ৰস্তুত কৰিছে । এই গেমবোৰ বিনামূল্যেও খেলিব পাৰি আৰু টকাৰ বিনিময়তো খেলিব পাৰি । বিগত তিনি বছৰত এই ব্যৱসায়ত স‌ংস্থাটোৱে মুঠ ১৭৪ কোটি টকা আয় কৰিছে বুলি তেওঁ উল্লেখ কৰিছে ।

অৱশ্যে চর্ত অনুযায়ী আয়ৰ এটা অংশ মূল সংস্থা অর্থাৎ ‘মুন ফ্রগ লেবছ’ত প্ৰেৰণ কৰা হৈছে । প্রথম আলোৰ প্রতিবেদনত আৰু দাবী কৰা হৈছে যে, ২০১৪ত ভাৰতত এই সংস্থাই ব্যৱসায় আৰম্ভ কৰিছিল । ভাৰতৰ পৰা বাংলাদেশত অনলাইন জুৱা খেলা পৰিচালনা কৰা হৈছিল ।

চাইবাৰ জগতত দৃষ্টি নিক্ষেপ কৰাৰ সময়ত অনলাইনত জুৱা খেলাৰ বিষয়টো প্রকাশ্যত আহে বুলি প্রথম আলোক জনাইছে চিটিটিচিৰ অতিৰিক্ত উপকমিছনাৰ তৌহিদুল ইছলামে । অনলাইনত জুৱা খেলা চলোৱাৰ অভিযোগত যোৱা বৃহস্পতিবাৰে ঢাকাৰ ছাহজাহানপুৰ অঞ্চলত বেনজিৰ হুছেইন নামে এজন ব্যক্তিক গ্রেপ্তাৰ কৰে ঢাকা মহানগৰ আৰক্ষীৰ ‘কাউন্টাৰ টেৰ’ৰিজম এণ্ড ট্রান্সনেছনেল ক্রাইম ইউনিট’এ (চিটিটিচি) ।

এই ঘটনাত ধৃত ব্যক্তিসহ ১০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে । বাকীসকলৰ সন্ধান অব্যাহত আছে ।

Exit mobile version