Cyclone Sitrang : চিত্ৰাঙৰ পাছত আন এক ঘূর্ণিবতাহৰ আগজাননী ! সকীয়নি বতৰবিজ্ঞান কেন্দ্ৰৰ

WhatsApp Image 2022 10 25 at 5.38.31 PM

Cyclone Sitrang  :

ঘূর্ণিবতাহ চিত্রাঙৰ তাণ্ডৱত কিমান ক্ষয়ক্ষতি হৈছে, সেয়া এতিয়াও সম্পূৰ্ণ নির্ধাৰণ কৰিব পৰা নাই বাংলাদেশে । এই ঘূৰ্ণিবতাহৰ ক্ষত সাম কটাৰ আগতেই আন এটা ঘূর্ণিবতাহৰ সংকেত দিলে সেই দেশৰ বতৰবিজ্ঞান কেন্দ্ৰ‌ই ।

বাংলাদেশৰ সংবাদ মাধ্যম সূত্রে খবৰ, ডিচেম্বৰত আন এটা ঘূর্ণিবতাহে আঘাত হানাৰ সম্ভাৱনা প্ৰকট হৈছে । মঙলবাৰে বাংলাদেশ বতৰবিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আব্দুল মান্নানে এই কথা জনাইছে । এই সন্দৰ্ভত বাংলাদেশবাসীক সতর্ক কৰিছে বতৰবিজ্ঞান কেন্দ্ৰ‌ই ।

বতৰবিজ্ঞান কেন্দ্ৰৰ সতর্কবাণীৰ বিষয়ে জনাইছে সেই দেশৰ দুর্যোগ ব্যৱস্থাপনা আৰু ত্রাণ গৃহমন্ত্রী মহম্মদ এনামুৰ ৰহমানেও । বাংলাদেশৰ সংবাদ মাধ্যম সূত্রে খবৰ, মঙলবাৰে সাংবাদিক বৈঠকত গৃহমন্ত্রীয়ে জনাইছে, তেওঁৰ ঘূৰ্ণিবতাহৰ বিৰুদ্ধে মোকাবিলাৰ কৌশল দেখি সোমবাৰে নিশা এক বাজি ১০ মিনিটত তেওঁক ফোন কৰি ধন্যবাদ জনাইছে প্রধানমন্ত্রী শেখ হাছিনাই ।

লগতে, ডিচেম্বৰৰ সম্ভাব্য ঘূৰ্ণিবতাহৰ পৰিপ্রেক্ষিতৰ আগেভাগত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁক পৰামর্শ দিছে প্রধানমন্ত্রীয়ে । এই কথাও জনায় গৃহমন্ত্রীয়ে ।

সোমবাৰে ভাৰতীয় সময় নিশা ন বাজি ৩০ মিনিটৰ পৰা নিশা ১১ বাজি ৩০ মিনিটৰ ভিতৰত বৰিশালৰ কাষত তিনিকোনা আৰু সন্দ্বীপৰ মাজেদি অতিক্রম কৰে ঘূৰ্ণিবতাহ । ঘূর্ণিবতাহৰ তাণ্ডৱত সেই দেশত কমেও ১৯ জনৰ মৃত্যু হৈছে । প্রচুৰ ফচল ক্ষতি হৈছে । বহু ঘৰ-বাৰী ধ্বংস হৈছে ।

পূৰ্বেও একাধিক ঘূর্ণিবতাহে আঘাত হানিছে বাংলাদেশত । যাৰ ফলত বিগত চাৰি বছৰে কে’বা হেজাৰ কোটি টকাৰ সম্পদৰ ক্ষতি হৈছে দেশখনত । এনে পৰিস্থিতিত বছৰৰ শেষত পুনৰ ঘূর্ণিবতাহৰ সকীয়নিয়ে, উপকূলৰ বাসিন্দাসকলৰ দুর্ভোগ আৰু বৃদ্ধি কৰিব বুলি শংকা কৰা হৈছে ।

Exit mobile version