E- Commerce : দেৱালী উপলক্ষে ই-কমাৰ্ছ চাইটৰ বাম্পাৰ অফাৰ : হ্ৰাস পাইছে স্মাৰ্ট ফোনৰ মূল্য

WhatsApp Image 2022 10 25 at 2.36.59 PM

E- Commerce :

দেৱালী উপলক্ষে চলিত মাহত ফ্লিপকাৰ্ট আৰু এমাজ’ন ৱেবচাইটে আগবঢ়াইছে স্মাৰ্ট ফোনৰ আকৰ্ষণীয় অফাৰ । ইয়াৰ লগতে আৰু বহুতো সামগ্ৰীত আগবঢ়াইছে ৰেহাই মূল্য ।

সমগ্ৰ দেশতে পালন কৰা সৰ্ববৃহৎ উৎসৱ দীপাৱলীত গ্ৰাহকক স্মাৰ্টফোনৰ লগতে প্ৰয়োজনীয় আন সামগ্ৰী ক্ৰয় কৰিবলৈ এই ৰেহাই মূল্যৰ যোগেদি এই দুটা ই-কমাৰ্ছ ছাইটে এই সুবিধা প্ৰদান কৰিছে ।

বিশেষকৈ ৫ জি ফোনৰ লগতে অন্য ডিভাইছৰ বাবেই এই মহা ৰেহাই আগবঢ়াইছে । বছৰৰ শেষত এই দুই ৱেব-চাইটে এই ৰেহাই মূল্যৰ যোগেদি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে ।

চেমচাং গেলেস্কি $২১ এফ ই , যিটোৰ মূল্য বৰ্তমান ৩৫,৯৯৯ টকা ৰেহাই মূল্যত দিয়াৰ লগতে চেমচাং ৫ জি ফোনৰ মূল্য ৫০,০০০ টকা যদিও এই ৰেহাই মূল্যত এই ফোনৰ মূল্য প্ৰায় ৪৯,৮৯৪ টকা তললৈ নামি আহিছে । আকৌ চেমচাং গেলেক্সি এম১৩ ৫ জি ফোনৰ ৰেহাই মূল্য হৈছে ১১,৯৯৯ ।

আকৌ ফ্লিপকাৰ্টত আই ফ’ন ১৩ ৰ দাম হৈছে ৫৯,৯৯০ । যিটোৰ পূৰ্বৰ মূল্য আছিল ৬৯,৯০০ টকা । এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আগবঢ়োৱা এই ৰেহাই মূল্যৰ প্ৰতি ইতিমধ্যে সকলো ক্ৰেতাই সঁহাৰি আগবঢ়োৱা দেখা গৈছে ।

১২৮ জিবি ষ্টৰেজ থকা নথিং ফ’ন (১)ৰ বিক্ৰী মূল্য আছিল ৩৪,১৯৯ আছিল , যদিও ৰেহাই মূল্যত এই স্মাৰ্ট ফ’নৰ মূল্য হৈছেগৈ ২৯,৯৯৯ । ৰেহাইৰ ক্ষেত্ৰত এচ বি আই-এ ক্ৰেডিট কাৰ্ড থকা সকললৈ ৪,২০০ ৰেহাই আগবঢ়াইছে , অৰ্থাৎ ক্ৰেডিট কাৰ্ড থকা সকলে এই হেণ্ডচেট ল’বলৈ খুজিলে ৩০,০০০ টকাত এই ফ’ন ক্ৰয় কৰিব লাগিব ।

আপুনি ৰেডমি ন’ট ১১ প্ৰ’ ৫ জিবি ষ্ট’ৰেজ থকা ফ’ন এই ৰেহাই মূল্যত মাত্ৰ ২০,০০০ টকাত ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব । সাধাৰণতে মানুহে হাই কোৱালিটি থকা অৰ্থাৎ এটা ৫ জিবি ফ’ন যেনে- ম’ট এডজ ৩০ , আই কিউ অ’ অ’ নিঅ ৬ আৰু পক’ এফ৪ আদি ৩০,০০০ টকাৰ ভিতৰত ল’বলৈ ভাল পায় । যদি আপুনি ম’ট এডজ ৩০ ফিউজনৰ এটা ৫ জি ফ’ন ক্ৰয় কৰিব বিচাৰে ,তেন্তে ফ্লিপকাৰ্টে এই ফ’নৰ মূল্য ৪৩,০০০ নিৰ্ধাৰণ কৰিছে ।

উল্লেখ্য যে , ফ্লিপকাৰ্ট আৰু এমাজানৰ দৰে এই দুই ই-কমাৰ্ছ চাইটে ৰেহাই ক্ষেত্ৰত কাৰ্ড হল্ডাৰ গ্ৰাহকৰ বাবে আৰু এক সংযোগ ঘটাই ভৱিষ্যত এই দুই চাইটৰ পৰা কোনো ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰিলে ব্যয়ৰ খৰচ হ্ৰাস কৰিব। ইয়াৰলগতে গ্ৰাহকে ক্ৰয় কৰা সামগ্ৰী সলনিও কৰিব পাৰিব ।

যদি এজন গ্ৰাহকৰ বাজেট ১২,০০০ টকা হয় , তেন্তে তেওঁ ১৫,০০০ টকাৰ এটা ৫ জি ফ’ন একচেঞ্জ অফাৰৰ যোগেদি ১২,০০০ টকাত ল’ব পাৰিব ।

Exit mobile version