Mayanmar : গীতৰ জলছাত বোমা আক্ৰমণ সেনাৰ, শিল্পীসহ শ্রোতা নিহত প্ৰায় ৮০

WhatsApp Image 2022 10 25 at 4.07.49 PM 1

Mayanmar :

গীতৰ জলছাত আকাশমাৰ্গত আক্ৰমণ চলাই ৮০ জনক হত্যা কৰিলে ম্যানমাৰৰ সেনাই । দেওবাৰে ম্যানমাৰৰ কাচিনত এই ঘটনা সংঘটিত হয় । এই আক্ৰমণত শিল্পীসহ একাধিক দর্শক নিহত হৈছে ।

বন্ধৰ দিনাখন গীতৰ জলছাৰ আয়োজন কৰিছিল ম্যানামাৰৰ সংখ্যালঘু সম্প্রদায়ৰ এটা সংগঠনে । শিল্পীসকলে জলছাত গীত পৰিবেশন কৰি আছিল । গণ্যমান্য বহু অতিথি উপস্থিত আছিল অনুষ্ঠানত । সংগঠনৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হৈছিল । কিন্তু কিছু মুহূর্ততে এই দৃশ্যপট সলনি হৈ গ’ল ।

মুহূৰ্ততে ৰক্তাক্ত হৈ পৰিল অনুষ্ঠান । ছিন্ন ভিন্ন হৈ ৰ’ল দৰ্শকসকলৰ শৰীৰ । দেওবাৰে ম্যানমাৰৰ কাচিনত এটা গীতৰ জলছাত এই আক্ৰমণ চলায় দেশৰ জুন্টা চৰকাৰৰ সেনাবাহিনীয়ে ।

কাচিন ম্যানমাৰৰ উত্তৰৰ ৰাজ্য । দেশৰ সংখ্যালঘু সম্প্রদায় আৰু আদি বাসিন্দা কাচিন জাতিৰ লোকে বাস কৰে এই ৰাজ্যত । গীতৰ জলছাৰ আয়োজন কৰিছিল কাচিনৰ চৰকাৰ-বিৰোধী এটা বিদ্রোহী সংগঠন কাচিন ইনডিপেণ্ডেন্স অর্গেনাইজেছনে (কেআইঅ’) ।

ম্যানমাৰৰ সেনা নিয়ন্ত্রিত জুন্টা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে এই গোষ্ঠী । সশস্ত্র আন্দোলন কৰিছে । দেওবাৰে এই সংস্থাৰ ৬২তম প্রতিষ্ঠাবার্ষিকী পালন কৰিছিল সদস্যসকলে । তাতেই আক্ৰমণ চলায় সেনাই ।

কাচিনৰ শিল্পী সম্প্রদায়ৰ মুখপাত্র‌ই জনাইছে, প্রায় তিনিশ-পাঁচশ লোক সমবেত হৈছিল এই অনুষ্ঠানত । নিশা আঠ বজাত তেওঁলোকৰ ওপৰত আকাশমাৰ্গেৰে বোমা বর্ষণ কৰে সেনাবাহিনীয়ে ।

এই আক্ৰমণত কেআইঅ’ৰ সশস্ত্র বাহিনীৰ অনেকৰেই মৃত্যু হৈছে । অনুষ্ঠানত উপস্থিত বহু ব্যৱসায়ী, মঞ্চত থকা গায়ক, কি-ব’র্ড প্লেয়াৰসহ বহু শিল্পীৰ মৃত্যু হৈছে । এই ঘটনাত বহু জনসাধাৰণেও প্ৰাণ হেৰুৱাইছে ।

Exit mobile version