Asom Gramya Puthibharal Santha : ২৭ , ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ’ব সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা পূৰ্ণাংগ ৰাজ্যিক অধিবেশন

asom gramya puthibharal santha

Asom Gramya Puthibharal Santha :

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ অহা ২৭ , ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পূৰ্ণাংগ ৰাজ্যিক অধিবেশন আৰু ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আদৰণি সমিতিৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাৰ ২৪ অক্টোবৰত সন্থাৰ সভা কক্ষত অনুষ্ঠিত হৈ যায় ।

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে বিদ্যালয় সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰেমেশ্বৰ দাসে । আগন্তুক সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ পূৰ্ণাংগ অধিবেশনৰ বিষয়ে উক্ত কৰ্ণধাৰ সমিতিৰ সভাত বিশদভাৱে আলোচনা কৰা হয় ।

আনহাতে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ পূৰ্ণাংগ অধিবেশন উপলক্ষে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে পুথিভঁৰাল আন্দোলনক অধিক গতিশীল কৰাৰ বাবে জনমত সৃষ্টি কৰাৰ উদ্দেশ্যৰে ২৪ অক্টোবৰৰ পৰাই আৰম্ভ কৰিছে সাংগঠনিক অভিযান ।

উক্ত সাংগঠনিক অভিযানৰ শুভাৰম্ভ কৰি সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই কয় যে, সম্প্ৰতি ৰাজ্যখনত অপ-সংস্কৃতিৰ অশুভ পৰম্পৰা আদিয়ে গা কৰি উঠিছে । এই অপসংস্কৃতি সমূহ ৰাইজেই প্ৰতিৰোধ কৰিব লাগিব । আমাৰ সমাজত ৰঘূমলাৰ দৰে ছানি ধৰা অপসংস্কৃতিৰ পৰম্পৰাবোৰক চৰকাৰ বা প্ৰসাশনলৈ বাট নাচায় পুথিভঁৰাল সন্থাৰ দৰে স্বেচ্ছাসেৱী অনুষ্ঠান সমূহে নিৰ্মূল কৰিব লাগিব ।

নগাঁৱৰ পৰা আৰম্ভ হোৱা এই সাংগঠনিক অভিযান অহা ২৭ অক্টোবৰৰ পৰা কলিয়াবৰ, বোকাখাট , যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ হৈ তিনিচুকীয়াত সামৰণি পৰাৰ বিপৰীতে নামনি অসমত সাংগাঠনিক অভিযান আৰম্ভ হ’ব অহা নবেম্বৰ মাহৰ পৰা ।

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা সভাখনত লেখিকা ড৹ থুনু কলিতা , ড৹ ৰৌজলীন জাহান , শিক্ষাবিদ ফজলুল হক মৰল , ভূপেন নাথ , কলংপাৰ কাকতৰ সম্পাদক ভবেন বৰা , সন্থাৰ সহকাৰী সম্পাদক খগেন নাথ , বিশিষ্ট ক্ৰীড়া সংগঠক শশীন্দ্ৰ মহন্ত , শিক্ষাবিদ ভাৰত চন্দ্ৰ নাথ , সন্থাৰ সাংস্কৃতিক সম্পাদিকা অনিমা বৰুৱা শৰ্মা ,জেষ্ঠ সাংবাদিক ক্ৰমে কনক হাজৰিকা , দেৱজিত হাজৰিকা , ধেনুৰাম নাথ আদি ব্যক্তি সকল উপস্থিত থাকে ।

Exit mobile version