Lachit Barphukan Portal : লাচিত বৰফুকন প’ৰ্টেল-এপ মুকলি

WhatsApp Image 2022 10 26 at 4.28.17 PM

Lachit Barphukan Portal :

অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকৰ সভাগৃহত আজি মহাবীৰ লাচিত বৰফুকনৰ আগন্তুক চাৰিশ সংখ্যক জন্মবাৰ্ষিকীৰ স’তে সংগতি ৰাখি lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু Lachit Barphukan নামেৰে এটা এপ মুকলি কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

Lachit Barphukan Portal inauguration

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে. lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু Lachit Barphukan নামেৰে এটা এপ মুকলি কৰি নথৈ আনন্দিত হৈছো । এই প’ৰ্টেল আৰু এপৰ যোগেদি অসমৰ জনতা আৰু দেশে-বিদেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকে মহান বীৰগৰাকীক স্মৰণেৰে নিজৰ মনৰ ভাব ব্যক্ত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, এই এপ আৰু প’ৰ্টেলে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু মাতৃভূমিৰ প্ৰতি থকা আনুগত্যৰ বিষয়ে নিজৰ মতামত প্ৰকাশৰ বাবে ৰাইজক এখন মঞ্চ প্ৰদান কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী বাসিন্দা আৰু অসমৰ বাহিৰত বাস কৰা প্ৰতিগৰাকী অসমীয়ালৈ আহ্বান জনাইছোঁ যাতে বীৰগৰাকীৰ চাৰিশ সংখ্যক জয়ন্তী উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ইয়াক এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাত আগভাগ লয় ৷

Lachit Barphukan Portal inauguration

এই অনুষ্ঠানত মন্ত্ৰীসকল ক্ৰমে ডাঃ ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, অতুল বৰা, নন্দিতা গাৰ্লোছা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম চৰকাৰৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

Exit mobile version