Maharashtra : বিজেপিত যোগ দিব সিন্ধে দলৰ ২২ বিধায়কে, দাবী ঠাকৰেৰ

WhatsApp Image 2022 10 25 at 7.34.04 PM 1

Maharashtra :

মহাৰাষ্ট্রৰ মুখ‌্যমন্ত্রী একনাথ সিন্ধে  (Eknath Shinde) দলৰ ৪০ জন বিধায়কৰ ভিতৰত ২২ জনেই ‘ক্ষুব্ধ’ আৰু অতি শীঘ্রে তেওঁলোকে বিজেপিত যোগ দিব । শিৱসেনাৰ উদ্ধৱ ঠাকৰে দলৰ মুখপত্র‌ ‘ছামনা’ত এই দাবী কৰিছে, যাক লৈ বর্তমান সেই ৰাজ্যৰ ৰাজনৈতিক মহলত জল্পনা তুংগত ।

‘ছামনা’ৰ ‘ৰ’কত’ক’ কলমত দাবী কৰা হৈছে, একনাথ সিন্ধেক ‘অস্থায়ীভাৱে’ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী নিযুক্ত কৰা হৈছে । মুখপত্রত কোৱা হৈছে, “এতিয়া সকলোৱে বুজি পাইছে, যিকোনো সময়তে সিন্ধেৰ মুখ্যমন্ত্রিত্ব গুচি যাব পাৰে । সিন্ধে দলৰ আন্ধেৰি পূৱৰ উপ -নির্বাচনত প্রার্থী নিক্ষেপ কৰা উচিত আছিল, কিন্তু বিজেপিৰ (BJP) বাবে তেওঁ নকৰিলে ।”

তদুপৰি ‘ছামনা’ৰ (Samnna) বিশ্লেষণ অনুযায়ী, “সিন্ধে দলৰ মহাৰাষ্ট্রত গাঁও পঞ্চায়ত আৰু গাঁওপ্ৰধান নির্বাচনত যি সাফল্যৰ দাবী কৰিছে, সেয়া ভিত্তিহীন । সিন্ধে দলৰ ২২ জন বিধায়ক দুঃখিত, ক্ষুব্ধ । তেওঁলোকৰ সিংহভাগে অচিৰেই বিজেপিত যোগ

দিব ”

উদ্ধৱ ঠাকৰে দলৰ মুখপত্রৰ আৰু দাবী, সিন্ধে মহাৰাষ্ট্রৰ প্রভূত ক্ষতি কৰিছে । সেয়ে মহাৰাষ্ট্রবাসীয়ে তেওঁক কোনোদিন ক্ষমা নকৰে । বিজেপিয়ে সিন্ধেক নিজৰ সুবিধাৰ বাবে চিৰকাল ব্যৱহাৰ কৰিব ।

‘ছামনা’ৰ এই প্রতিবেদন অনুযায়ী, “চৰকাৰৰ সকলো সিদ্ধান্তই বর্তমান উপ-মুখ্যমন্ত্রী দেবেন্দ্র ফড়ণবিছে (Devendra Fadanbis) গ্রহণ কৰে । মুখ্যমন্ত্রী ৰূপে একনাথ সিন্ধেৰ কাম কেৱল সেই সিদ্ধান্তসমূহ ঘোষণা কৰা ।”

প্ৰকৃততে সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত সমগ্ৰ মহাৰাষ্ট্রত ভাল ফল কৰিছে শিৱসেনাৰ উদ্ধৱ দলে । যিয়ে দলৰ নেতা-কর্মীসকলক সৱল কৰিছে । বিগত কিছু সপ্তাহত সিন্ধে দলৰ পৰা কে’বাজনো নেতাই ঠাকৰে (Uddhav Thackray) দলত যোগো দিছে । তাতেই উৎসাহী উদ্ধৱ ঠাকৰে । তেওঁ যিকোনো প্রকাৰে সিন্ধে দলক দুর্বল আৰু বিজেপিৰ অংশ হিচাপে দৰ্শোৱাৰ চেষ্টা কৰিছে । যদিও ঠাকৰেৰ দাবী সম্পূৰ্ণ যুক্তিহীন, বুলিও কোৱা নাই ৰাজনৈতিক মহলে ।

Exit mobile version