PM Narendra Modi : অৰুণাচল প্রদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদী-দলাই লামা, চীনক বার্তা

Narendra Modi and Dalai Lama

PM Narendra Modi :

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু তিব্বতীয় ধর্মগুৰু দলাই লামা কিছু সময়ৰ ব্যৱধানত অৰুণাচল প্রদেশ ভ্ৰমণত (পৃথক পৃথককৈ) যাব । তৃতীয় পৰ্যায়ত দলীয় নেতৃত্বত অভিষিক্ত হোৱাৰ পাছত ছি জিনপিঙৰ ওপৰত চাপ বৃদ্ধি কৰিবৰ বাবেই ভাৰতৰ এই কৌশলী পদক্ষেপ বুলি ধাৰণা কৰা হৈছে । পূৱ লাদাখত চীনা সেনাৰ আগ্রাসনক লৈ দ্বিপাক্ষিক সম্পর্ক অমীমাংসিত হৈ থকাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে ।

চীনে যিমানবাৰ বিভিন্ন মহলত দাবী তুলিছে যে, অৰুণাচল প্রদেশ ভাৰতৰ নহয়, তেওঁলোকৰ অংশ, ভাৰতে সিমানবাৰেই তাৰ প্ৰত্যুত্তৰ দিছে । প্ৰধানমন্ত্ৰী মোদীৰ চলিত সপ্তাহত অৰুণাচললৈ যোৱাৰ উদ্দেশ্য তাত প্রথমে বিমানবন্দৰটো উদ্বোধন কৰা । প্ৰাপ্ত তথ্য অনুসৰি, অৰুণাচলৰ পৰাই প্রতিবেশী ৰাষ্ট্রক উদ্দেশ্যি তেওঁ কঠোৰ বার্তা দিব । বিমানবন্দৰ উদ্বোধনৰ লগতে ৰাজ্যৰ পশ্চিম কামেং জিলাত ছশ মেগাৱাট জলবিদ্যুৎ প্রকল্পৰ উদ্বোধনো কৰিব প্রধানমন্ত্রীগৰাকীয়ে ।

লগতে তিব্বতীয় ধর্মগুৰু চতুর্দশ দলাই লামাৰো অৰুণাচল যোৱাৰ সম্ভাৱনা আছে । যদিও তেওঁৰ ভ্ৰমণৰ তাৰিখ এতিয়াও ঘোষণা কৰা নাই । সাম্প্রতিক অতীত যেতিয়াই প্রধানমন্ত্রী বা ৰাষ্ট্রপতি অথবা দলাই লামা অৰুণাচল প্রদেশত গৈছে, বেইজিঙ প্রতিবাদত মুখৰ হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, এইবাৰৰ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্রদেশ আৰু চীনৰ সীমান্তৱর্তী অঞ্চলত পৰিকাঠামো প্ৰস্তুত কৰিবৰ বাবে চৰকাৰৰ সর্বাত্মক প্রয়াস দাঙি ধৰিব তেওঁৰ বক্তৃতাত । দলাই লামা টাৱাং যাব । তেওঁ সপ্তদশ দশকৰ এক বৌদ্ধ মঠ গাদেন গানগেইল লাতছে-ত থাকিব ।

ইয়াৰ পূৰ্বে ৮৭ বছৰীয়া ধর্মগুৰুজন লে ভ্ৰমণত গৈছিল যোৱা জুলাইত, ভাৰত-চীন পূৱ লাদাখৰ সংঘাতৰ মাজতে ।

সূত্র অনুসৰি, যোৱা মাহত দলাই লামাই টাৱাং যোৱাৰ একান্ত ইচ্ছা প্রকাশ কৰে । ভাৰত আৰু চীন সীমান্তৱর্তী এই বিতর্কিত অঞ্চলত তেওঁ শেষবাৰ গৈছিল ২০১৭ৰ এপ্রিলত । সেই সময়ত তীব্র প্রতিক্রিয়া জনাই বেইজিঙে কৈছিল, চীনৰ ভৌগোলিক অখণ্ডতাক অমান্য কৰিছে নতুন দিল্লীয়ে ।

তেওঁলোকৰ অভিযোগ আছিল, এই ভ্ৰমণ কৰি ছাউথ ব্লকে ভাৰত-চীন সম্পর্কত আঘাত হানিছে । তাৰ কিছু মাহ পাছতেই ডোকলাম কাণ্ড আৰম্ভ হয় । যি ৭২ দিন ধৰি অব্যাহত আছিল । ভাৰতে অৱশ্যে সেই সময়ত চীনৰ প্রতিক্রিয়া সম্পূর্ণ অগ্রাহ্য কৰি কৈছিল, অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ । এগৰাকী সন্মানীয় অতিথি হিচাপে দলাই লামাই ভাৰতৰ যিকোনো অঞ্চলত যাব পাৰে ।

২০১৪ত কেন্দ্রত ক্ষমতাত অহাৰ পাছত দীর্ঘদিন প্ৰধানমন্ত্ৰী মোদীয়ে দলাই লামাৰ স’তে প্রকাশ্যত কোনো সাক্ষাৎ অথবা মঞ্চত অহা নাই, চীনৰ আবেগত আঘাত লগাৰ শংকাতে । কিন্তু সময় পৰিৱৰ্তন হৈছে । চীনৰ প্রতি সেই নৰম মনোভাবে প্ৰধানমন্ত্ৰী মোদীক ধৰি ৰাখিব নোৱাৰে বুলি অনুমান কৰিছে কূটনৈতিক মহলে ।

পূৱ লাদাখত চীনৰ আগ্রাসনৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দলাই লামাক কেৱল ফোন কৰি জন্মদিনৰ শুভেচ্ছা জনোৱাই নহয়, প্রকাশ্যত চীনক বার্তাও দিব বিচাৰিছে ।

Exit mobile version