Ranganadi And Barapani Dam : মুষলধাৰ বৰষুণত ওফন্দি হৈ উঠা ৰঙানদীৰ প্ৰকল্পৰ পানী এৰিলে নিপকোৱে

এৰি দিয়া হৈছে কাৰ্বি-লাংপি বৰপানী জলবিদ্যুৎ প্ৰকল্পৰো অতিৰিক্ত পানী, আতংকিত নৈপৰীয়া ৰাইজ

IMG 20221025 WA0010

Ranganadi And Barapani Dam :

যোৱা কে’বাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৃষ্টিপাতৰ পৰিণতিত ওফন্দি উঠিছে অৰুণাচলৰ ইয়াজুলিৰ নিপকোৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী । যাৰ ফলত মঙলবাৰে কাহিলীপুৱাৰে পৰা ৰঙানদীৰ বুকুত থকা বান্ধটোৰ ৪ নম্বৰ গেটেৰে বিশাল পৰিমাণৰ অতিৰিক্ত পানী এৰি দিয়া হৈছে ।

তাৰ পিছতে নৈপৰীয়া ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিপদসীমাৰ ওপৰেৰে বৈ থকা ৰঙানদীৰ জলপৃষ্ঠই ক্ষতি কৰিছে খাৰকাতি ফটাসুঁতি ঘাটত ৷ উল্লেখ্য যে নৈখনৰ ওপৰত ৰাইজে নিজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰা কাঠৰ দলংখনৰ এটা অংশ বুৰাই পেলাই নৈৰ বাঢ়নী পানীয়ে ৷

আনহাতে দুখনকৈ দলং ইতিমধ্যে উটুৱাই দিছে বাঢ়নী পানীয়ে ৷ যাৰফলস্বৰূপে যাতায়ত ব্যৱস্থা হৈ পৰিছে ব্যাহত ৷ মঙলবাৰে নিশাৰ পৰা বৰষুণ কমিছিল যদিও আজি পুৱাৰে পৰা দি থকা বৰষুণে পৰিস্থিতি অধিক জটিল কৰি তুলিছে ৷

নিপকোৱে ৰঙানদীৰ পানী পৰ্যায়ক্ৰমে এৰিছে যদিও মুলবান্ধৰ অতিৰিক্ত পানী পুনৰ এৰি দিয়াৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ জৰিয়তে জাননী জাৰি কৰাত নৈখনৰ দাঁতিকাষৰীয়া ৰাইজ শংকিত হৈ পৰিছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰঙানদী ফেনে-ফুটুকাৰে বাঢ়িয়ে আছে সম্প্ৰতি ৷

একেদৰে কাৰ্বি আংলংতো হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বৰপানী নদীৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে ৷ ইয়াৰ ফলত কাৰ্বি লাংপি বৰপানী জলবিদ্যুৎ প্ৰকল্প বান্ধৰ পানী উফন্দি উঠে ৷ যাৰফলস্বৰূপে অতিৰিক্ত পানীভাগ মঙলবাৰে পুৱাৰে পৰা চাৰিখনকৈ গেটেৰে এৰি দিয়াৰ পিছতে চাৰি ঘন্টাৰ ভিতৰতে নদীখন ফেনে-ফুটুকাৰে বাঢ়ি আহি কে’বাটাও মথাউৰিয়েদি পানী বাগৰি কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত ২০ খনকৈ নৈপৰীয়া গাঁও জলমগ্ন হৈ পৰে ৷

আনকি গাঁওসমূহৰ ধাননি পথাৰ প্লাৱিত হৈ পৰিছে ৷ মাধৱপাৰাৰ শ্ৰী মাধৱথানৰ সন্মুখেদি জুৰিৰপাৰলৈ যোৱা বৈঠালাংছ পকী পথটোৰ ওপৰেদি বৈছে পানী ৷ বৰপানী নদীৰ বাঢ়নি পানীয়ে ৰুদ্ৰমুৰ্তি ধাৰণ কৰাত ন ন অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Exit mobile version