Smoking During Pregnancy : অন্তঃসত্ত্বাসকলক বিনামূল্যে ই-চিগাৰেট দিয়া হ’ব লণ্ডনত ! কিয় এই সিদ্ধান্ত ?

vaping smoking pregnancy 905x500 1

vaping smoking during pregnancy

Smoking During Pregnancy :

অন্তঃসত্ত্বা অৱস্থাত মানি চলিবলগীয়া হয় বিভিন্ন বিধি-নিষেধ । ধূমপান আৰু মদ্যপান সম্পূৰ্ণ ত্যাগ কৰিবলৈ কয় চিকিৎসকসকলে । অৱশ্যে লণ্ডনৰ অন্তঃসত্ত্বাসকলে বোধ হয় ধূমপান এৰাৰ প্রয়োজন নহ’ব ! বিষয়টো কি ? ধৰিব পৰা নাই হয়তো ?

অন্তঃসত্ত্বাসকলে যাতে ভুলতো চিগাৰেট নাখায়, তাৰ বাবে তেওঁলোকক বিনামূলীয়া ভেপ দিয়াৰ কথা ঘোষণা কৰিছে ‘লণ্ডন কাউন্সিল’এ । ইয়াৰ ফলত বহু পৰিমাণে ব্যয় হ্ৰাস পাব মহিলাসকলৰ । কাউন্সিলৰ আশা, ধূমপান এৰি মহিলাসকলে প্রায় দুশ ইউৰো (ভাৰতীয় মুদ্রাত প্রায় এক লাখ ৬৪ হেজাৰ টকা) ৰেহাই কৰিব পাৰিব তেওঁলোকৰ সন্তানসকলৰ বাবে ।

Vaping without nicotine while pregnant

কাউন্সিলৰ এজন সদস্য‌ই কয়, ‘‘অন্তঃসত্ত্বা অৱস্থাত ধূমপান কৰিলে গর্ভপাতৰ শংকা বাঢ়ে আৰু নির্দিষ্ট সময়ৰ পূৰ্বে শিশুৰ জন্মৰ শংকাও কে’বা গুণ বৃদ্ধি পায় । সমীক্ষাত দেখা গৈছে যিসকল মহিলাৰ আয় কম, তেওঁলোকেই অন্তঃসত্ত্বা অৱস্থাত সৰ্বাধিক ধূমপান কৰে । সেয়ে মহিলাসকলৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি কাউন্সিলে ই-চিগাৰেট আৰু ভেপৰ প্রচাৰ আৰম্ভ কৰিছে । কাৰণ চিগাৰেটৰ তুলনাত এই পন্থাবোৰ শৰীৰৰ পক্ষে কম ক্ষতিকৰ । বিনামূলীয়া ভেপ প্ৰদান কৰিলে অন্তঃসত্ত্বা মহিলাসকল ধূমপানৰ পৰা বিৰত থাকিব বুলি আমি আশাবাদী ।’’

সমীক্ষা অনুযায়ী, লেম্বেথৰ তিনি হেজাৰৰো অধিক পৰিয়ালে ধূমপানৰ বাবে দাৰিদ্র্যসীমাৰ তলত আছে ।

Dangers of vaping

ভেপ কিমান নিৰাপদ ?

চিকিৎসকসকলৰ মতে, অন্তঃসত্ত্বা অৱস্থাত ভেপ ব্যৱহাৰ কৰাও কিন্তু নিৰাপদ নহয় । সৰহসংখ্যক ই-চিগাৰেটত নিকটিন থাকে, যিয়ে গর্ভস্থ শিশুৰ মস্তিষ্কৰ বিকাশত ব্যাঘাত জন্মায়, শৰীৰৰ অন্যান্য অংগবোৰৰ গঠনতো সমস্যা হয় ।

অৱশ্যে সাধাৰণ চিগাৰেটৰ তুলনাত ভেপ কম ক্ষতিকৰ, কাৰণ ইয়াত কিছু পৰিমাণে হ’লেও নিকটিন পৰোশোধিত হৈ যায় । অৱশ্যে নিকটিনযুক্ত একো নুখুৱাই শ্রেয় অন্তঃসত্ত্বাসকলে ।

Exit mobile version