Akasa Air : মাজ আকাশত চৰাইৰ স’তে খুন্দা

দুর্ঘটনাৰ পৰা ৰক্ষা পৰিল যদিও ক্ষতিগ্রস্ত আকাছা এয়াৰৰ দিল্লীগামী বিমান

WhatsApp Image 2022 10 27 at 17.05.59

Akasa Air :

মাজ আকাশত চৰাইৰ খুন্দাত ক্ষতিগ্রস্ত হ’ল আকাছা এয়াৰৰ বিমান । বিমান চলাচল নিয়ামক সংস্থা ‘ডিৰেক্টৰেট জেনেৰছল অৱ চিভিল এভিয়েছন’ (ডিজিচিএ)য়ে জনাইছে বৃহস্পতিবাৰে পুৱা আহমেদাবাদৰ পৰা দিল্লীগামী ব’য়িং-৭৩৭ মেক্স-৮ বিমানত এই দুৰ্ঘটনা ঘটে ।

আকাছা এয়াৰৰ ফ্লাইট কিউপি-১৩৩৩-ৰ স’তে প্রায় ১,৯০০ ফুট উচ্চতাত চৰাইৰ খুন্দা লাগে বুলি ডিজিচিএ সূত্রে খবৰ । ফলত বিমানখন কিছু ক্ষতিগ্রস্ত হয় । অৱতৰণৰ কিছু সময় পূৰ্বে ঘটনাটো সংঘটিত হয় । দিল্লী বিমানবন্দৰত  অৱতৰণৰ পাছত পৰীক্ষা কৰি পোৱা যায় যে বিমানখন কিছু ক্ষতিগ্রস্ত হৈছে ।

প্রসংগত, বিগত কিছু বছৰত দেশৰ বিভিন্ন বিমানবন্দৰৰ আকাশত চৰাইৰ স’তে বিমানৰ সংঘর্ষ বৃদ্ধিৰ ঘটনাত উদ্বিগ্ন ডিজিচিএ । বিমানৰ স’তে চৰাইৰ খুন্দা নালাগিবৰ বাবে যোৱা আগষ্টত বিমানবন্দৰ কর্তৃপক্ষসমূহক উদ্দেশ্যি এটা নির্দেশনা জাৰি কৰা হয় বিমান চলাচল নিয়ামক সংস্থাৰ তৰফৰ পৰা ।

নিৰ্দেশনাত প্রতিটো বিমানবন্দৰ কর্তৃপক্ষক চৰাই আৰু অন্য বন্যপ্রাণীৰ (ৰানৱে নিকটৱৰ্তী অৰণ্যত বসবাসকাৰী শিয়াল, বন মেকুৰী ইত্যাদি) শ‍ংকা সম্পর্কে মূল্যায়ন কৰাৰ নির্দেশ দিয়া হৈছে । এই সন্দৰ্ভত বন্যপ্রাণী বিশেষজ্ঞসকলৰ পৰামর্শ লোৱাৰ কথাও কৈছে ডিজিচিএ-য়ে ।

 

 

Exit mobile version