North Guwahati : নকল সোনৰ নাও আৰু যীচু খ্ৰীষ্টৰ মুৰ্তি সহ দুই প্ৰৱঞ্চক আৰক্ষীৰ জালত

WhatsApp Image 2022 10 28 at 11.17.37

North Guwahati :

উত্তৰ গুৱাহাটী আৰক্ষীৰ বৃহৎ সাফল্য ৷গোপন সূত্ৰৰ পমখেদি কাটিং পাহাৰত অভিয’ চলাই দুজন কুখ্যাত প্ৰৱঞ্চকক আটক কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত খবৰ মতে,ধৃত দুই প্ৰৱঞ্চকে জিএনআৰচিৰ ওচৰৰ এখন লজত বাহৰ পাতি নকল সোনৰ নাও সহ বিভিন্ন স্বৰ্ণ মুৰ্তিৰ বেহা চলাই গৈ সংগোপনে ৷ কিন্ত এশ গৰু মাৰিলে বাঘৰো মৰণ লেখিয়া এই প্ৰৱঞ্চক কেইটাক উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীয়ে AS 07U 5525 নম্বৰৰ চাৰিচকীয়া বাহনসহ আটক কৰে ৷

ধৃত প্ৰৱঞ্চক কেইটা বাহাৰুদ্দিন( ২৪) আৰু আবু হানিফা(২৭)৷ দুয়োটাৰে ঘৰ লক্ষিমপুৰ জিলাৰ বিহপুৰীয়াৰ সোনাপুৰ ৰিজাৰ্ভত ৷আটকাধীন প্ৰৱঞ্চককেইটাৰ পৰা নকল সোনৰ নাও, যীশু খ্ৰীষ্টৰ মুৰ্তিসহ নগদ এক লাখ পাঁচ হাজাৰ টকা জব্দ কৰে ।

উল্লেখ্য ধৃত প্ৰৱঞ্চক কেইটাই সোনৰ নাও পোৱাৰ প্ৰলোভন দি বহুলোকক দীৰ্ঘদিনধৰি প্ৰৱঞ্চনা কৰি থকাৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা মতে প্ৰৱঞ্চনাৰ চক্ৰটোৰ মাষ্টাৰ মাইণ্ড আজিজুৰ ৰহমান৷ আৰক্ষীয়ে আজিজুৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ লগতে তদন্ত কৰিছে ৷

Exit mobile version