TB free India :
প্ৰধানমন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত অভিযানৰ বাবে যক্ষ্মা দূৰীকৰণৰ আন্দোলন চলি থকা সময়তে কামৰূপ জিলাৰ বকো সামূহিক চিকিৎসালয়ত নিশ্চিয় মিত্ৰ আঁচনিৰ অধীনত বকো যক্ষ্মা গোটৰ অন্তৰ্গত অঞ্চলটোৰ পাঁচগৰাকী যক্ষ্মা ৰোগীক সাহায্য প্ৰদান কাৰ্যসূচী আজি অনুষ্ঠিত হয় ৷
উক্ত কাৰ্যসূচী উদ্ধোধন কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ জ্যেষ্ঠ যক্ষ্মা চিকিৎসা পৰিদৰ্শক ধ্ৰুৱজ্যোতি মেধিয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মন্টু কুমাৰ দাসে ৷

যক্ষ্মা ৰোগীক সাহায্য বিতৰণ অনুষ্ঠানত বকো সামূহিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ অপূৰ্ব কুমাৰ তালুকদাৰ, জিলা পি পি এম সমন্বয়ক পলাশী কলিতাৰ উপস্থিতিত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে পাঁচগৰাকী যক্ষ্মা ৰোগীৰ দায়িত্ব লৈ ৰোগী কেইগৰাকীৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে ৷
আজিৰ এই সজাগত আৰু সাহায্য বিতৰণ অনুষ্ঠানত মুগাখোলৰ কল্পনা বড়ো, দাৰিসত্ৰৰ বিশেশ্বৰ কৈৱৰ্ত, পয়ৰংগাৰ তাৰাবু বিবি, মৌমানৰ বলোৰাম ৰাভা, টেপছিয়াৰ অৰবিন্দ ডেকা নামৰ পাঁচগৰাকী যক্ষ্মা ৰোগীক সাহায্য সামগ্ৰী বিতৰণ কৰে ৷
সভাত পি পি এম কো-অৰ্ডিনেটৰ পলাশী কলিতাই যক্ষ্মাৰ ওপৰত বিষদভাৱে ৰাইজৰ আগত ব্যক্তব্য আগবঢ়ায় ৷ যক্ষ্মামুক্ত ভাৰত গঢ়িবৰ কাৰণে যক্ষ্মা পৰীক্ষা কৰাটো অতি জৰুৰী বুলি মত প্ৰকাশ কৰে ৷

দুসপ্তাহৰ অধিক সময় কাঁহ হৈ থাকিলে সেয়া যক্ষ্মাৰ লক্ষণ হ’ব পাৰে ৷ সেয়ে সময় মতে যক্ষ্মাৰ পৰীক্ষা কৰিব লাগে বুলি ৰাইজক অৱগত কৰে ৷
সভাত বকো সমষ্টিৰ বিধায়িকা দাসে পাঁচগৰাকী যক্ষ্মা ৰোগীৰ ছমাহৰ দায়িত্ব বহন কৰি ৰোগীসকলৰ মাজত সুষম আহাৰ প্ৰদান কৰি বকো স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১৫০ গৰাকী যক্ষ্মা ৰোগীৰ দায়িত্ব সকলো শ্ৰেণীৰ ৰাইজক ল’বলৈ আহ্বান জনায় আৰু চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চিকিৎসাৰ সুবিধা ল’বলৈয়ো ৰাইজক আহ্বান জনায় ৷