Bollywood : বলীউডৰ কাপুৰ পৰিয়ালৰ শিক্ষাগত অৰ্হতা কিমান জানেনে ?

WhatsApp Image 2022 10 29 at 15.47.30

Bollywood :

বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ সকলোৱেই আজি হিন্দী ছবিজগতত নিজৰ অস্তিত্ব বজাই ৰাখিছে । এক কথাত বলীউড বুলিলেই যেন পৃথিৰাজ কাপুৰ , ৰাজ কাপুৰৰ পৰা কৰীণা ৰণবীৰলৈ এক অপ্ৰতিদ্বন্দী যাত্ৰা । কাপুৰ পৰিয়ালৰ সকলোৱেই চুপাৰষ্টাৰ ।

কিন্তু চিনেমাৰ ক্ষেত্ৰত চুপাৰষ্টাৰ হ’লেও শিক্ষাগত অৰ্হতা শুনিলে আপোনাৰ চকু কপালত উঠিব । কাপুৰ পৰিয়ালৰ সকলো সদস্যই কিমান দূৰলৈ শিক্ষাগ্ৰহণ কৰিছে জানেনে ?

পৃথিৰাজ কাপুৰ : পৃথিৰাজ কাপুৰ কাপুৰ পৰিয়ালৰ প্ৰথমজন চুপাৰষ্টাৰ । ইয়াৰ লগতে হিন্দী ছবিজগতৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম বুলিও ধৰা হয় । এইজন জনপ্ৰিয় অভিনেতা তথা প্ৰযোজকে অবিভক্ত ভাৰতবৰ্ষৰ লায়লপুৰৰ খালচা কলেজত শিক্ষা গ্ৰহণ কৰিছিল । ইয়াৰ পিছত তেওঁ পেশোয়াৰ্ডৰ এডওয়াৰ্চ কলেজৰ পৰা বিএ ডিগ্ৰী লয় ।

ৰাজ কাপুৰ : ৰাজ কাপুৰ হৈছে পৃথিৰাজ কাপুৰৰ সন্তান । যাক ভাৰতীয় চিনেমাজগতৰ চাৰ্লি চেপলিন বুলিও জনা যায় । তেওঁ ডেৰাডুন , মুম্বাই তথা কলকতাৰ বিভিন্ন বিদ্যালয়ত পঢ়িছিল । অৱশ্যে এই চিৰসেউজ অভিনেতাজনে মাত্ৰ ষষ্ঠ শ্ৰেণীতে পঢ়া সামৰিছিল ।

শশী কাপুৰ : পৃথিৰাজ কাপুৰৰ কনিষ্ঠ সন্তান শশী কাপুৰ অৱশ্যে পঢ়া-শুনাত ৰাজ কাপুৰতকৈ ভাল আছিল । পৃথিৰাজৰ কামৰ সূত্ৰে শশী কাপুৰ শৈশৱৰ বেছিভাগ সময় কলকতাতেই আছিল । তাতে তেওঁ ডনব’স্কো হাইস্কুলত ভৰ্তি হৈ তাৰপৰাই মাধ্যমিক পৰ্যায় উত্তীৰ্ণ হৈছিল । কিন্তু ইয়াৰপিছত আৰু অভিনেতাজনে পঢ়া সামৰিছিল । আচলতে অভিনেতাজনে সৰুতেই ৰূপালী পৰ্দাত অভিনয় জীৱন আৰম্ভ কৰিছিল ।

ঋষি কাপুৰ : ৰাজ কাপুৰৰ পাঁচ সন্তানৰ মাজৰ ৰণধীৰ কাপুৰ তথা ঋষি কাপুৰ বলীউড ইণ্ডাষ্ট্ৰিত অধিক প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছিল । এই দুই ভাইৰ ঋষি কাপুৰে মুম্বাইৰ ক্যাম্পিয়ন স্কুলত ভৰ্তি হৈ অষ্টম শ্ৰেণীতে অনুতীৰ্ণ হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত আজমেৰৰ মেয়ো কলেজত নাম ভৰ্তি কৰে । ইয়াতো মাত্ৰ এবছৰ অধ্যয়ন কৰি পঢ়া সামৰে ।

ৰণধীৰ কাপুৰ : কাপুৰ পৰিয়ালৰ পৰম্পৰা ভংগ কৰি ৰনধীৰ কাপুৰক ডেৰাডুনৰ কৰ্ণেল ব্ৰাউন কেমব্ৰিজ স্কুলত নাম ভৰ্তি কৰাইছিল । কিন্তু কোনোমতে স্কুলৰ ডেওনা পাৰ কৰি তেওঁ পঢ়া সামৰিছিল ।

ৰণবীৰ কাপুৰ : ৰণবীৰ কাপুৰ হ’ল কাপুৰ পৰিয়ালৰ আটাইতকৈ শিক্ষিত চুপাৰষ্টাৰ । তেওঁ মুম্বাইৰ বম্বে স্কটিছ স্কুলত পঢ়িছিল যদিও খেলা-ধুলাতে তেওঁৰ বেছি মন আছিল । স্কুলীয়া শিক্ষা সাং কৰি ৰণবীৰে মুম্বাইৰ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইক’নমিক্সত নাম ভৰ্তি কৰে । ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে নিউৱৰ্ক যায় । ৰণবীৰে নিউৱৰ্কতে স্কুল অৱ ভিজুয়েল আৰ্টছ ফিল্ম মেকিংত ভৰ্তি হয় । পিছত অধিক পঢ়িবলৈ নিউৱৰ্কৰে লি ষ্ট্ৰাচবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত নাম ভৰ্তি কৰে ।

ঋধিমা কাপুৰ : ঋষি কাপুৰৰ কন্যা ঋধিমা কাপুৰে পৰিয়ালৰ বাকীসকলৰ দৰে অভিনয়ক পেশা হিচাপে লোৱা নাছিল । তেওঁ গহনাৰ ডিজাইনাৰ হিচাপেহে প্ৰতিষ্ঠিত হৈছিল । তেওঁ অৱশ্যে বহুখিনি পঢ়া-শুনা কৰে । উচ্চ শিক্ষাৰ বাবে ঋধিমা লণ্ডনলৈও গৈছিল । আমেৰিকাৰ ইণ্টাৰকণ্টিনেণ্টাল ইউনিভাৰচিটিৰ পৰা বেশ্যেলৰ অৱ ডেজাইনিং এণ্ড মাৰ্কেটিংৰ ডিগ্ৰী লোৱাৰ পিছত মুম্বাইলৈ ঘূৰি আহি নিজৰ ব্যৱসায় আৰম্ভ কৰে ।

কৰিশ্মা কাপুৰ : ৰণধীৰ ববিতাৰ জেষ্ঠ্যা কন্যা কৰিশ্মা কাপুৰ প্ৰথমতে মুম্বাইৰ ক্যাথিডেল এণ্ড জন কেনন স্কুলৰ ভৰ্তি হৈছিল । স্কুলৰ ডেওনা পাৰ হোৱাৰ পিছত মুম্বাইৰে চোফিয়া কলেজত নাম ভৰ্তি কৰে । কিন্তু অভিনয় ক্ষেত্ৰখনত জড়িত হৈ পৰাত অভিনেত্ৰী গৰাকীয়ে আধাতে পঢ়া সামৰে ।

কৰীণা কাপুৰ খান : কৰিশ্মাৰ সমান অৱশ্যে কৰীণা কাপুৰে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলে । খুউৱ কম বয়সতে চিনেমা জগতত প্ৰৱেশ কৰা কৰীণাও আধাতে পঢ়া সামৰিবলগীয়া হয় । কৰীণাও মুম্বাইৰ জামানবাই নাৰ্চি স্কুলত ভৰ্তি হৈ শিক্ষা জীৱন আৰম্ভ কৰে যদিও পিছত ডেৰাডুনৰ ওয়েলহাম স্কুলৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰে ।

ইয়াৰ পিছত তেওঁ মুম্বাইৰ মিঠি বাই কলেজত নাম ভৰ্তি কৰে যদিও অভিনয়কে কেৰিয়াৰ হিচাপে লোৱা অভিনেত্ৰী গৰাকীয়ে আধাতে পঢ়া সামৰে ।

Exit mobile version