Hair : আপোনাৰ বাৰু চুলি সৰিছে নেকি ? তেন্তে চুলি সৰাৰ প্ৰকৃত কাৰণ জানিবলৈ পঢ়ক

WhatsApp Image 2022 10 29 at 18.22.48

Hair :

চুলি সৰা সমস্যা কম-বেছি পৰিমাণে সকলোৰে আছে । আমেৰিকাৰ একাডেমি অৱ ডাৰ্মাটোলজিষ্টৰ মতে , মানুহৰ প্ৰতিদিনে প্ৰায় ৯০-১০০ ডাল চুলি সৰাটো স্বাভাৱিক কথা । কেতিয়াবা টোপনিৰ অভাৱ বা অতিৰিক্ত চিন্তা-ভাৱনাৰ বাবেও চুলি সৰা সমস্যাৰ উদ্ভৱ হ’ব পাৰে আৰু কিছু লোকৰ বংশগত কাৰণতো চুলি সৰিব পাৰে ।

ইয়াৰ লগতে অনিয়ন্ত্ৰিত মানসিক চাপ , চুলিত অত্যাধিক প্ৰসাধন ব্যৱহাৰ কৰা , মূৰৰ ছালৰ সংক্ৰমণ , হৰম’নৰ প্ৰভাৱ পিচিঅএচ বা ফাইব্ৰয়েড , থায়ৰয়েডৰ সমস্যা , ডায়বেটিছ , কৰ্কট ৰোগৰ চিকিৎসা , বিপাক সমস্যা আদি কাৰণৰ বাবেও চুলি সৰা সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

ইয়াৰমাজৰ ছটা কাৰণৰ বাবে বেছিভাগ মানুহ চুলি সৰা সমস্যাত ভোগে । অৱশ্যে এই বিষয়সমূহৰ কথা বহুতেই জ্ঞাত নহয়।

চুলি সৰা বিভিন্ন কাৰণসমূহ হৈছে –

বেছিভাগ মহিলাই চুলি ষ্ট্ৰেট বা কাৰ্ল কৰোতে অতিৰিক্ত তাপ দিয়ে । এনেধৰণে দৈনিক চুলি হিট দিয়াৰ কাৰণে চুলিৰ কেৰাটিনৰ ক্ষতি হয় । ফলত চুলি চিগি যোৱাও পৰিলক্ষিত হয় ।

চুলিৰ বিভিন্ন ষ্টাইল কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰসাধনৰ কাৰণে চুলিত ৰোগৰ সৃষ্টি হয় । ফলত মানুহৰ চুলি সৰা সমস্যাই দেখা দিয়ে । কেতিয়াবা কেতিয়াব চুলিৰ ট্ৰেকশ্যন এলোপেচিয়া হলেও নতুন চুলি নগজে । তেতিয়া চুলিৰ ষ্টাইল সলনি কৰিবলগীয়া হয় ।

 চুলিত বিভিন্ন ধৰণৰ চেম্পু , কণ্ডিশ্যনাৰ আৰু গৰম পানী ব্যৱহাৰ কৰা অনুচিত । যিহেতু মূৰত সদায় ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে চুলিৰ আদ্ৰতা ঠিকে থাকে লগতে অত্যাধিক চেম্পু ব্যৱহাৰ কৰাটোও চুলিৰ কাৰণে ক্ষতিকাৰক । বেছিকৈ চেম্পু ব্যৱহাৰ কৰিলে ছালৰ তৈল অংশ শুকাই যাই আৰু চুলি সৰিবলৈ আৰম্ভ কৰে ।

 চুলিত নিয়মিত ট্ৰিম কৰিব লাগে । প্ৰতি ৬-৮ সপ্তাহ অন্তৰে অন্তৰে ট্ৰিম কৰিলে চুলি সোনকালে দীঘল হয় । এজোপা গছৰ যেনেকৈ মাজে –মাজে ডাল-পাতসমূহ কটাৰ প্ৰয়োজন , ঠিক তেনেকৈ আমাৰ চুলিও মাজে-সময়ে কাটি থাকিব লাগে । ই নতুন চুলি গজাত সহায় কৰে ।

চেলফেটছ , প্যাৰাবেনচ ও এলক’হলযুক্ত চুলিৰ পণ্য ব্যৱহাৰ কৰিব নালাগে । এনে প্ৰসাধনৰ কাৰণেও বেছিভাগ মানুহৰ চুলি আধাতে চিঙি যোৱাৰ উপক্ৰম হয় । মুঠতে অৰ্গেনিকযুক্ত প্ৰসাধন চুলিত ব্যৱহাৰ কৰি চুলিৰ যত্ন লোৱাটো প্ৰয়োজন ।

 বৰ্তমান কৰ্মব্যস্ত জীৱনত সকলোৱেই অত্যাধিক চাপ বা দুশ্চিন্তাত থাকে ।ষ্ট্ৰেচ বাঢ়িলে কাৰ্টিচল হৰম’ন নি:সৰণ বাঢ়ি যায় আৰু বৃদ্ধি হোৱা এই প্ৰদাহে চুলিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে ।

তেনেক্ষেত্ৰত চুলি সৰা সমস্যাৰ সমাধান কৰিবলৈ আপোনাৰ খাদ্য তালিকাত বিশেষ ধ্যান দিয়া আৱশ্যকতা আছে । চৰ্বিহীন প্ৰোটিন, নেমুটেঙা , বাদাম, গোটা শস্য ও ভাল চৰ্বিযুক্ত আহাৰে চুলি সৰা সমস্যাৰ পৰা মুক্তি দিব পাৰে ।

একেদৰে ভিটামিন বি , এমিনো এচিদ , আয়ৰণ আৰু জিংক সদায়েই খাদ্য তালিকাত ৰাখিব লাগে । যি সদায় চুলিত পুষ্টি যোগান ধৰি মূৰৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে ।

Exit mobile version