Dollar Exchange : পুনৰ টকাৰ দামত পতন, এক ডলাৰৰ নিৰিখত নামিল ৮২ টকা ৭১ প‌ইচা

WhatsApp Image 2022 10 31 at 21.04.37

Dollar Exchange :

অর্থনীতি সন্দৰ্ভত উদ্বেগ বৃদ্ধি কৰি এইবাৰ পতনৰ আন এক মাইলফলক স্পৰ্শ কৰিলে ডলাৰৰ সাপেক্ষে টকাৰ দাম । সোমবাৰে দিনৰ মাজভাগলৈ ডলাৰ হৈছিল ৮২ টকা ৭২ প‌ইচা ।

বিগত কিছু সপ্তাহ ধৰি দেশৰ মুদ্রাৰ দৰত ক্রমাগত পতন ঘটিছে । যাৰ ফৰত বিৰোধীসকলৰ কটাক্ষৰ সন্মুখীন হৈছে নৰেন্দ্র মোদী চৰকাৰ । এনে পৰিস্থিতিত চৰকাৰৰ বিড়ম্বনা আৰু বৃদ্ধি কৰিব পাৰে বুলি আর্থিক সমীক্ষা সংস্থা ব্লুমবার্গৰ বিশেষজ্ঞসকলে ইংগিত দিছে ।

শুকুৰবাৰে বজাৰ বন্ধ হোৱাৰ সময়ত, এক ডলাৰৰ নিৰিখত টকাৰ দাম আছিল ৮২ টকা ৪৭ প‌ইচা । সোমবাৰে বজাৰ খোলাৰ পাছত টকাৰ অৱস্থানৰ সামান্য উন্নতি হয় ।

ডলাৰ প্ৰতি দৰ হয় ৮২ টকা ৩৮ প‌ইচা । ইয়াৰ পাছতে পুনৰ পতন ঘটে টকাৰ দৰত । এসময়ত ডলাৰ হয় ৮২ টকা ৭২ প‌ইচা ।

২০১৩ত ডলাৰ সাপেক্ষে টকাৰ দাম হৈছিল ১১ শতাংশ । এইবাৰ ইতিমধ্যে এই পতনৰ মুখ দেখিছে টকাই । প্রতি ডলাৰ ৮২ টকা হৈছে । আনকি ডলাৰ ৮৪ টকাও স্পৰ্শ কৰিব পাৰে বুলি ধাৰণা অনেকৰ ।

ডলাৰৰ দাম বৃদ্ধি আৰু আমদানিত ব্যয় বৃদ্ধি হোৱাত বাণিজ্যিক নাটনি বাঢ়িছে ।

বিশেষজ্ঞসকলৰ শংকা, চলিত বিত্তবর্ষত জিডিপি-ৰ তিনি শতাংশৰ ওপৰত থাকিব পাৰে । সম্প্ৰতি আঠ মাহৰ আমদানি ব্যয় পূৰণৰ কৰিব পৰাকৈ ডলাৰ শীর্ষ বেংকৰ হাতত আছে ।

কিন্তু আমদানি ব্যয় বৃদ্ধি হৈ ডলাৰৰ মজুত কমিলেও তাৰ সংস্থানৰ উদ্বেগ বাঢ়িব পাৰে বুলি ধাৰণা কৰিছে আর্থিক বিশেষজ্ঞসকলৰ একাংশ‌ই ।

Exit mobile version