Jansangkhya Samadhan Foundation : জনসংখ্যা সমাধান ফাউণ্ডেশনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন

WhatsApp Image 2022 10 31 at 18.58.01

Jansangkhya Samadhan Foundation :

জনসংখ্যা সমাধান ফাউণ্ডেশন (জেএছএফ) অসমৰ প্ৰথম খন কাৰ্যকৰী সভা দেওবাৰে গুৱাহাটীমহানগৰীৰ বৰবাৰী স্থিত উত্তৰ-পূৱ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ “সুদৰ্শনালয়” ত ৰাজ্যিক অধ্যক্ষ পঙ্কজ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় ।

ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাতৃ বন্দনাৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সংগঠনৰ সংগঠন সচিব মৃণাল গোস্বামীয়ে।

ৰাজ্যিক কাৰ্যকৰী সভাত ৰাজ্য খনৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলৰ লগত পৰিচয় পৰ্ব অনুষ্ঠিত হয়। জেএছএফ অসমৰ সংৰক্ষক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্র বৌদ্ধিক মুৰব্বী তীৰ্থাকংৰ দাস কলিতাই মুল বক্তব্য ৰাখি অসম তথা উত্তৰ পূৰ্বাঞ্চলত জনবিস্ফোৰনে ভয়ংকৰ ৰূপ ধাৰণ কৰি অঞ্চলটোলৈ কঢ়িয়াই অনা অশনি সংকটৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

দেশ তথা উত্তৰ- পূৰ্বাঞ্চলৰ নিবনুৱা সমস্যা, মুল্য বৃদ্ধি, পৰিবেশ বিনষ্টকৰণ, ঐক্যতা আৰু অখণ্ডতাৰ প্ৰতি প্ৰচণ্ড ভাবুকি হৈ পৰা জনবিস্ফোৰনক নিয়ন্ত্রণ কৰিবলৈ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ বিকল্প নাই বুলি তেখেতে মত প্ৰকাশ কৰি, জাতি ধৰ্ম মতৰ উৰ্দ্ধত উঠি সকলোকে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰনয়ন আৰু ৰূপায়ণৰ হকে কাম কৰিবলৈ আহবান জনায় ।

সভাত অংশগ্ৰহণ কৰি জেএছএফৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ ড° হৰেন্দ্ৰ বৰাই সাংগঠনিক নীতি নিয়মৰ প্ৰতি শ্ৰদ্ধাশীল হৈ জেএছএফৰ লক্ষ্য আৰু উদ্দেশ্যক সমাজৰ শেষৰ জন ব্যক্তিলৈকে লৈ যাবলৈ প্ৰতিনিধি সকলক আহবান জনায় ।

জনবিস্ফোৰনে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে ভীষণ ক্ষতি কৰি দেশৰ বিকাশ আৰু ঐক্যতাৰ প্ৰতি প্ৰত্যাহ্বান হৈ পৰে। সকলো শ্ৰেণীৰ লোকে জনসংখ্যা নিয়ন্ত্রণ আইনৰ এই জনসচেতনতা আন্দোলনত জড়িত হ’ব লাগে বুলি বৰাই মত প্ৰকাশ কৰে।
সভাত জিলা আৰু বিধানসভা জেএছএফ গোট সমূহক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি, অধ্যক্ষ পঙ্কজ তালুকদাৰে ২৭ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত দ’ব লগা জনসংখ্যা আইন সমাৰোহলৈ অসমৰ পৰা অধিক প্ৰতিনিধি যোৱাৰ পোষকতা কৰে।

২০২৩ ৰ অক্টোবৰত অসমত অনুষ্ঠিত হ’বলগীয়া জেএছএফৰ ৰাষ্ট্ৰীয় অধিবেশনৰ ওপৰতো আলোচনা হয়। আগন্তুক কাৰ্যকালৰ বিভিন্ন বিষয় সূচী গ্রহণ আৰু ৰূপায়ণৰ বাবে সভাত সিদ্ধান্ত লোৱা হয়। জিলা সমূহৰ অধ্যক্ষ -অধ্যক্ষাৰ লগতে সভাত উপস্থিত থকা কলেজ- বিশ্ববিদ্যালয় সহ সমাজৰ বিভিন্ন ক্ষেত্রৰ সন্মানীয় প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তি ড° ৰবিন শৰ্মা, ড° সোণালী বুঢ়াগোহাই আদিয়ে বক্তব্য ৰখা কাৰ্যকৰী সভাখনত শলাগৰ শৰাই আগবঢ়ায় ৰাজ্যিক মহিলা শক্তিৰ সংগঠন সচিব চন্দা বিশ্বাসে ।

Exit mobile version