Fish: মাছমৰীয়া জালত পৰিল এটা ২১ কেজি ওজনৰ মাছ , কিমান দামত বিক্ৰী হ’ল জনেনে !

1667294153 katla

Fish:

মাছমৰীয়াৰ জালত পৰিল এটা ২১ কেজি ওজনৰ মাছ। বাংলাদেশী মাছমৰীয়াই মঙলবাৰে পুৱা পদ্ম নদীত এই মাছটো ধৰিবলৈ সক্ষম হয় । মাছটো পাছত ভাল দামত বিক্ৰী কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা ছয় বজাত ৰাজবাৰীৰ গোৱালন্দা উপজিলাৰ দৌলতদিয়া ফেৰীঘাট অঞ্চলত পদ্ম নদীত জাল পেলাইছিল ইছাক চৰ্দাৰ নামৰ এজন মাছমৰীয়াই । পাছত, তেওঁ মাছটো ২৮ হেজাৰ ৩৫০ টকাত বিক্ৰী কৰে।

মাছমৰীয়াজনে জনাই যে কেইদিনমানৰ পৰা তেওঁ নদীত জাল পেলাই মাছ ধৰি আছে আৰু মঙলবাৰে পুৱা তেওঁ এই ডাঙৰ মাছটো ধৰিছে। দৌলতদিয়া বজাৰত এই কাতলা মাছটো কেজি প্ৰতি কিলোগ্ৰামত ১,৩৫০ টকা মূল্যত মাছটো মুঠ ২৮। হেজাৰ ৩৫০ টকাত ক্ৰয় কৰিছে এজন ব্যৱসায়ীয়ে।

অৱশ্যে, ব্যৱসায়ীজনে জনাই যে তেওঁ মাছটো পুনৰ বিক্ৰী কৰিব। প্ৰথমে তেওঁ জনাইছিল, দেশৰ বিভিন্ন প্ৰান্তত মাছটো বিক্ৰী কৰিবলৈ যোগাযোগ কৰি আছে।

Exit mobile version