UDARBOND উদাৰবন্দত জব্দ ৪১৩ বস্তা খাদ্য সুৰক্ষা চাউল। বৃহস্পতিবাৰে উদৰবন্দ চক্ৰ বিষয়া আৰু যোগান বিভাগৰ বিষয়াই যৌথ অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ চাউল। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত উদৰবন্দ চক্ৰ বিষয়া ঋতুৰাজ বৰদলোইৰ নেতৃত্বত উদৰবন্দ চক্ৰৰ অন্তৰ্গত পাংগ্ৰামত দোকানখনৰ পৰা চাউলখিনি আৰু দুটা গোডাউন জব্দ কৰা হয়। অভিযুক্তৰ দোকানৰ পৰা ২০৩ বস্তা চাউল জব্দ কৰাৰ লগতে বাকী থকা চাউলখিনি অভিযুক্তৰ দুটা গুদামৰ পৰা জব্দ কৰে।
গুদাম সমূহ ছীল কৰা হৈছে। পিছত অভিযুক্ত তামিজুদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰি উধাৰবন্দ থানালৈ অনা হয়। অভিযুক্ত ব্যৱসায়ীজনে দীৰ্ঘদিন ধৰি এনেধৰণৰ অবৈধ কাৰ্যকলাপ অব্যাহত ৰখাৰ খবৰৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে প্ৰশাসন আৰু যোগান বিভাগৰ বিষয়াসকলে এই অভিযান চলায়।