Dc-Sp Meeting : অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ডিচি-এছ পিৰ যৌথ বৈঠকত মুখ্যমন্ত্ৰী

WhatsApp Image 2022 11 02 at 18.14.29 1

Dc-Sp Meeting :

ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোক অধিক জনমুখী আৰু প্ৰশাসনৰ কাম-কাজ অধিক ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে আজি মহানগৰীৰ খানাপাৰাস্থ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুস্থিত হয় উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ যুটীয়া বৈঠক ৷

বৈঠক খনিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোক অধিক জনমুখী কৰা আৰু প্ৰশাসনৰ কাম-কাজ অধিক ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে আমি বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।

ৰাজ্যৰ জনকল্যাণৰ বাবে বৰ্তমানে চলি থকা আৰু ভৱিষ্যতৰ পৰিকল্পিত আঁচনি তথা কাৰ্যসূচীসমূহৰ লগতে আইন-শৃংখলাৰ ব্যৱস্থাৱলী পৰ্যালোচনা কৰাই হৈছে মুল:এই বৈঠকৰ উদ্দেশ্যে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে , এই বৈঠকৰ প্ৰথমাৰ্ধত মুখ্যতঃ অহা ২৪ নৱেম্বৰত ৰাজ্য চৰকাৰে পালন কৰিবলগীয়া বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী সন্দৰ্ভত এক আভাস দাঙি কয় ১৮ নৱেম্বৰত অসম পুলিচ বেণ্ডেৰে কিদৰে লাচিত দিৱসৰ পূৰ্বে সপ্তাহজোৰা কাৰ্যসূচী  জিলা সমূহত কিদৰে এই দিৱস উদযাপিত হ’ব, শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে বীৰগৰাকীৰ বিষয়ে লিখা ৰচনা প্ৰতিযোগিতা কেনেদৰে আয়োজিত হ’ব ৷

তদুপৰি ৰাজ্য চৰকাৰে আৰম্ভ কৰিবলগীয়া বসুন্ধৰা ২.০ আঁচনি, অনুসূচিত জাতি-জনজাতি আৰু অ’ বি চি সম্প্ৰদায়ৰ লোকসকলৰ বাবে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বাবে চৰকাৰে আৰম্ভ কৰা মিছন ভূমিপুত্ৰ প’ৰ্টেল, শিক্ষানুষ্ঠানসমূহলৈ গৈ বিদ্যাৰ্থীক এনে প্ৰমাণপত্ৰ দিয়াৰ বাবে চলি থকা বিশেষ অভিযান সম্বন্ধে উপায়ুক্ত – আৰক্ষী অধীক্ষক সকলক বিশেষ ভূমিকা ল’বলৈ আহ্বান জনায় ৷

একেদৰে জনসাধাৰণক যাতে ভূমি ক্ৰয়-বিক্ৰয়ৰ অনুমতি যথাসম্ভৱ শীঘ্ৰে প্ৰদান কৰিব পৰা যায় আৰু ৰাষ্ট্ৰীয় ঘাইপথ আদিৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ খৰতকীয়া কৰাৰ বাবে উপায়ুক্ত সকলক আহ্বান জনায় ৷

বৈঠকত ৰাজহ মন্ত্ৰী যোগেন মহন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত- সচিব দিগন্ত বৰা, আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

Exit mobile version