Happy Birthday Shah Rukh Khan : সমুদ্রৰ কাষত থাকি ভাল লাগে, এয়াতো ভাল পোৱাৰ সমুদ্র : আবেগিক শ্বাহৰুখ খান

WhatsApp Image 2022 11 02 at 20.56.44

Happy Birthday Shah Rukh Khan :

বলিউডৰ কিং খানৰ জন্মদিন মানেই বেন্দ্রাৰ ‘মন্নত’ৰ সন্মুখত সহস্ৰাধিক অনুৰাগীৰ ঢৌ । প্রিয় অভিনেতাক এবাৰ চোৱাৰ অপেক্ষাত অনুৰাগীসকলে এই দিনটোত ভিৰ কৰে শ্বাহৰুখৰ ৰাজপ্রাসাদৰ বাহিৰত । সকলোৰে বাবে জন্মদিন মানে বিশেষ দিন ।

প্রতি বছৰে জন্মদিনৰ আৰম্ভণিতেই মাজনিশা মন্নতৰ বেলকনিত দেখা দিয়ে শ্বাহৰুখে । পুত্ৰ আব্রাহমৰ জন্মৰ পাছতেই এই বিশেষ দিনত পিতৃৰ স’তে দেখা যায় তেওঁকো । চলিত বছৰতো বিপৰীত নহয় । ১২ বজাৰ পাছতেই মন্নতৰ বেলকনিত আহি অনুৰাগীসকলক উদ্দেশ্যি হাত জোকাৰে তেওঁ, নমস্কাৰ কৰে, সকলোকে উদ্দেশ্যি ।

আজি সন্ধিয়া অনুৰাগীসকলক উদ্দেশ্যি টুইট কৰে বাদছাহে । এটা ছবি প’ষ্ট কৰিছে য’ত বগা টি-শ্বার্ট পৰিধান কৰা দেখা গৈছে । মন্নতৰ তলত জনসুমদ্র । অনুৰাগীসকলক কৃতজ্ঞতা প্রকাশ কৰি লিখে, ‘সমুদ্রৰ কাষত থাকি ভাল লাগে । মোৰ জন্মদিনত মোৰ চাৰিওপাশ আৱৰি আছে এই ভালপোৱাৰ সমুদ্র‌ই । ধন্যবাদ । মোক বিশেষ ভবাৰ বাবে কৃতজ্ঞ… আৰু সুখী ।’

Exit mobile version