Journalist : সাংবাদিকৰ হত্যাৰ ঘটনাত ৮৬ শতাংশ অপৰাধীৰ শাস্তি হোৱা নাই !

1667364723 journalist

Journalist :

বিশ্বৰজুৰি সাংবাদিকক হত্যা কৰাৰ অপৰাধীসকলৰ বেছিভাগৰেই শাস্তি হোৱা নাই। শাস্তি নোপোৱা অপৰাধীৰ সংখ্যা প্ৰায় ৮৬ শতাংশৰৰ ওচৰত। এই দাবী ৰাষ্ট্ৰসংঘৰ সাংস্কৃতিক সংগঠনৰ প্ৰতিবেদনত ।

ইউনেস্কোৱে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰোঁতে উল্লেখ কৰে, “সাংবাদিকক হত্যা কৰা ৮৬ শতাংশ লোকক শাস্তি দিয়া হোৱা নাই।”

“সাংবাদিকৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সঠিক তদন্ত কৰা উচিত। অপৰাধীসকলে যাতে সঠিক শাস্তি পায় সেয়া নিশ্চিত কৰাৰ প্ৰয়োজন আছে।”

ৰাষ্ট্ৰসংঘই সাংবাদিকৰ বিৰুদ্ধে অপৰাধ হ্ৰাস কৰিবলৈ পদক্ষেপ লৈছে। আৰু তাক লৈ আলোচনা কৰোতেই উঠি আহিছে এই চাঞ্চল্যকৰ তথ্য । সাংবাদিকৰ হত্যাৰ ঘটনা সংখ্যা আশ্চৰ্যজনক বুলিও উল্লেখ কৰিছে ইউনেস্কোৱে।

ইউনেস্কোৰ ডিৰেক্টৰ জেনাৰেল অড্ৰে আজোলে এক বিবৃতিত কয়,” বহুতো অমীমাংসিত গোচৰ থাকিলে মুক্ত মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰি। ”

অৱশ্যে, ইউনেস্কোৱে উল্লেখ কৰিছে যে যোৱা দশকৰ তুলনাত দোষীসকলে শাস্তি পোৱাৰ সংখ্যা ন শতাংশ বৃদ্ধি পাইছে।

২০২০-‘২১ বৰ্ষত, কৰ্তব্যৰত ১১৭ জন সাংবাদিকক তেওঁলোকৰ কামৰ সময়ত হত্যা কৰা হৈছিল। ইয়াৰ উপৰিও, আন ৯১ জন লোক কৰ্তব্যৰত নথকাৰ অৱস্থাত নিহত হয় । তেওঁলোকৰ বহুতক তেওঁলোকৰ পত্নী আৰু সন্তানৰ সন্মুখত হত্যা কৰা হৈছে বুলিও ইউনেস্কোৱে জনাইছে।

Exit mobile version